কলিয়াবৰ,5 জানুৱাৰী:ৰাজ্যবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে মুকলি কৰিছে কেইবাখনো ব্যয়বহুল আঁচনি ৷ এই আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ মোকোলাই দিছে বৃহৎ অংকৰ পুঁজি ৷ কিন্তু বিভাগসমূহত এতিয়া চলিছে ৰাজহুৱা ধন হৰলুকিৰ অঘোষিত প্ৰতিযোগিতা ৷ আঁচনি নহয় যেন সোণৰ কণী পৰা হাঁহ ৷ আঁচনি ৰূপায়ণ নহ’লেও ব্যয় হৈছে ধন ৷ ৰাজহুৱা ধন জেপত ভৰোৱাৰ অভিযোগ চৰকাৰী বিভাগৰ বিৰুদ্ধে ৷ কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ কলিয়াবৰৰ মিছাস্থিত পশ্চিম কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত, 2017-18 বৰ্ষত এমএছডিপি আঁচনিৰ 10 লাখ টকা ব্যয়েৰে অনাময় শৌচাগাৰৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল ৷ কিন্তু আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল এই শৌচাগাৰ ৷
পূৰ্বে নিৰ্মিত তিনি কোঠালী যুক্ত শৌচাগাৰৰ অৱস্থাটোও এতিয়া তথৈবছ ৷ উক্ত আঁচনিৰ নামত আৱণ্টিত ধনৰাশিৰ 50 শতাংশ মোকোলাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ পৰিকল্পনা বিভাগৰ বিৰুদ্ধে ৷ বিভাগটোত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত দাবী কৰিছে সচেতন মহলে ৷