কলিয়াবৰ,23 মাৰ্চ: কলিয়াবৰত কেশৱ মহন্তক বিজয়ী কৰাৰ আহ্বান পত্নী লতাশ্ৰী মহন্তৰ । সমাগত নিৰ্বাচনত কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে কেৱল মহন্ত ভাতৃয়েই নহয়, পত্নী আৰু দুই তনয়াই নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় অংশগ্ৰহণ কৰা দেখা গ'ল কলিয়াবৰত ।
কেশৱ মহন্তৰ প্ৰচাৰত পত্নী লতাশ্ৰী মহন্ত - পত্নী লতাশ্ৰী মহন্ত
কলিয়াবৰত কেশৱ মহন্তক বিজয়ী কৰাৰ আহ্বান পত্নী লতাশ্ৰী মহন্তৰ । সমাগত নিৰ্বাচনত কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তৰ জয় নিশ্চিত কৰাৰ লক্ষ্যৰে কেৱল মহন্ত ভাতৃয়েই নহয়, পত্নী আৰু দুই তনয়াই নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় অংশগ্ৰহণ কৰা দেখা গ'ল কলিয়াবৰত ।
![কেশৱ মহন্তৰ প্ৰচাৰত পত্নী লতাশ্ৰী মহন্ত কেশৱ মহন্তৰ প্ৰচাৰত পত্নী লতাশ্ৰী মহন্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11130839-872-11130839-1616514120637.jpg)
কেশৱ মহন্তৰ প্ৰচাৰত পত্নী লতাশ্ৰী মহন্ত
কলিয়াবৰ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱা মহন্ত পত্নীয়ে আজি বিয়লি সৰুভগীয়াত এটা দলীয় নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। কাৰ্যালয় মুকলি কৰাৰ পাচতেই সমৰ্থকক লগত লৈ এক পদযাত্ৰাত অংশ লয় । এই পদযাত্ৰাত অংশ লৈ কেশৱ মহন্তই যি ধৰণে কলিয়াবৰীয়া ৰাইজৰ আপদে-বিপদে সহযোগ কৰে, সেই দিশৰ পৰা এইবেলিও বিপুল ভোটত বিজয়ী কৰিব বুলি আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক: নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয় নিশ্চিত: দিলীপ শইকীয়া