চামগুৰি,6 এপ্ৰিল:মঙলবাৰে নগাঁৱৰ ভেৰভেৰীস্থিত মহা মৃত্যুঞ্জয় মন্দিৰত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সমষ্টিত ভোটদান কৰি হেলিকপ্তাৰযোগে আহি উপস্থিত হয় মহা মৃত্যুঞ্জয় মন্দিৰত ৷ নেডাৰ আহ্বায়ক গৰাকীয়ে মৃত্যুঞ্জয় মন্দিৰ প্ৰদক্ষিণ কৰি ধূপ-দীপ, নৈবেদ্য আগবঢ়াই সেৱা লয় ৷ দাক্ষিণাত্যৰ সম্পূৰ্ণ পৰম্পৰাগত সাজ-পোচাক পৰিধান কৰি প্ৰায় চল্লিশ মিনিট সময় মৃত্যুঞ্জয়ৰ চৰণত পূজা-অৰ্চনাত বহে মন্ত্ৰী শৰ্মাই ৷
নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে, এই নিৰ্বাচনৰ প্ৰথম চৰণত ৩৫-৪০ খন আসন লাভ কৰিব ৷ আনহাতে দ্বিতীয় পৰ্যায়ত ২০-২৫ খন আসন লাভ কৰাৰ লগতে তৃতীয় চৰণত নিশাৰ ভাগত আসন সন্দৰ্ভত অৱগত কৰিব ৷ ইফালে, বিপিএফে কোনোমতে এখন আসন পাব যদিও সেইখন অৱশেষত বিজেপিৰ ফাললৈকে আহিব বুলি দাবী কৰে হিমন্ত বিশ্ব শৰ্মাই ।