নগাঁও, 21 এপ্ৰিল :"এইটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক ৷ মই ভাবো যে এইটো তিলকে তালটো কৰা হৈছে ৷ এজন দলীয় ব্যক্তিয়ে আমাৰ দলৰে আন এজন ব্যক্তিৰ ওপৰত অভিযোগ দাখিল কৰিছে আৰু ইয়াৰ প্ৰতিঅভিযোগ উত্থাপিত হৈছে ৷ ইয়াত দলটোৰ কোনো সম্পৰ্ক নাই ৷ ৰাজনৈতিক ভাৱে ইয়াৰ গইনা লৈ প্ৰতিপক্ষ আৰু সংবাদ মাধ্যমে উঠি পৰি লাগিছে ৷ সংবাদমাধ্যমে য’ত লাগিব লাগে তাত নালাগে কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত হ’লে সংবাদ মাধ্যমে অলপ বেছিকৈ লগা দেখা যায় ৷" কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ নিলম্বনক লৈ এই মন্তব্য প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi reaction) ৷
সাংসদগৰাকীয়ে লগতে কয়, "কিন্তু এইটো কথাও ঠিক যে যেতিয়া দলীয় বিষয়বাবত কোনোবা দায়িত্বশীল লোক থাকে তেতিয়া দলীয় শৃংখলতা দলীয় অনুশাসন সকলোৱে মানি চলিব লাগিব ৷ এনেকুৱা গুৰু গোঁসাই নমনা কাম কৰিলে দলটোৰ ভীষণ ক্ষতি হয় ৷ এনেকুৱা ঘটনাই দলৰ কৰ্মকৰ্তাসকলৰ মনোবল হ্ৰাস কৰে ৷ দলৰ সিদ্ধান্ত আমি সকলোৱে একমত (Ankita Dutta expelled updates)৷ দল এৰি যোৱাসকলক যাবলৈ দিয়াতকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰাটো দলৰ নেতৃত্বৰ দায়িত্ব ৷"
ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত এতিয়া তোলপাৰ লগাইছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ বিষয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ কন্যা তথা যুৱ কংগ্ৰেছৰ অসম প্ৰদেশৰ সভানেত্ৰী ড৹ অংকিতা দত্তক হাইকমাণ্ডে নিলম্বন কৰাৰ আৰু যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ বিৰুদ্ধে অংকিতা দত্তই উত্থাপন কৰা অভিযোগক লৈ একপ্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত (Pradyut Bordoloi reaction on Ankita Dutta case)।