নগাঁও, 24 মে':সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন বুলি প্ৰচাৰ হোৱা পোষ্টাৰক কেন্দ্ৰ কৰি নগাঁওত উত্তপ্ত পৰিস্থিতি ৷ সাংসদ গৰাকী সন্ধানহীন হোৱা বুলি নগাঁৱৰ বিভিন্ন স্থানত কোনো অজ্ঞাত লোকে পোষ্টাৰ লগোৱাৰ পাছতে ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ মহল ৷ লকডাউনৰ বাবে দিল্লীত আৱদ্ধ হৈ থকাৰ পাছতো প্ৰত্যেকটো সময়তে অসমৰ ৰাইজৰ বাবে কাম কৰি যোৱাৰ বাবে তেঁওৰ কামক লৈ হতাশাগ্ৰস্ত হৈ কোনো বিৰোধী দলৰ লোকেই এই দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে ৷
সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন ! পোষ্টাৰক লৈ ক্ষুণ্ণ কংগ্ৰেছ মহল - নগাওঁ চহৰৰ বিভিন্ন স্থানত দেখা গল "সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন" পোষ্টাৰ
লকডাউনৰ বাবে দিল্লীত আৱদ্ধ হৈ থকাৰ পাছতো প্ৰত্যেকটো সময়তে অসমৰ ৰাইজৰ বাবে কাম কৰি যোৱাৰ বাবে তেঁওৰ কামক লৈ হতাশাগ্ৰস্ত হৈ কোনো বিৰোধী দলৰ লোকেই এই দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলে ৷
![সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন ! পোষ্টাৰক লৈ ক্ষুণ্ণ কংগ্ৰেছ মহল MP Pradyut Bordoloi missing poster at Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7327464-763-7327464-1590315971162.jpg)
উল্লেখ্য যে, লকডাউন বাহাল থকাৰ মাজতে দেওবাৰে হঠাৎ নগাওঁ চহৰৰ বিভিন্ন স্থানত দেখা গল "সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন" বুলি লিখা বহু পোষ্টাৰ ৷ নগাওঁ কলেজৰ সন্মুখত, নগাওঁ পেট্ৰল পাম্পৰ সন্মুখত, নগাওঁ মিছন মাৰ্কেটকে ধৰি যতে ততে কোনো অজ্ঞাত লোকে আঁৰি দিয়ে সাংসদগৰাকী নিৰুদ্দেশ হোৱাৰ পোষ্টাৰ ৷ কোনো নাম ঠিকনা নোহোৱাকৈ এনেদৰে এগৰাকী সাংসদৰ বিৰুদ্ধে পোষ্টাৰিং কৰা খবৰ বিয়পি পৰাৰ পাছতে ক্ষুণ্ণ হৈ পৰিছে নগাঁৱৰ কংগ্ৰেছ মহল ৷ এই ঘটনাৰ সন্দৰ্ভত এতিয়া প্ৰশাসনৰ তৰফৰ পৰা উচিত তদন্তৰ দাবী কৰিছে কংগ্ৰেছ মহলে ৷ এই ঘটনাত বিজেপি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছৰ কৰ্মী সকলে ৷
লগতে পঢ়কঃকাছাৰত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ জিলা প্ৰশাসন