নগাঁও, 26 মে' :ক'ভিড-১৯ ৰ ভয়াৱহ সময়ত জনতাৰ কাষত থিয় দিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁৱত সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰি ক'ভিড আক্ৰান্ত দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সমীপত সাংসদ ক'ভিড সেৱা কেন্দ্ৰ স্থাপন কৰি ক'ভিড আক্ৰান্ত লোকসকলক কিছু হ'লেও সকাহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । এই ক'ভিড সেৱা কেন্দ্ৰৰ জৰিয়তে ক'ভিড আক্ৰান্ত দৰিদ্ৰ লোকৰ বাবে এম্বুলেঞ্চকে ধৰি অক্সিজেন পৰ্যন্ত যোগান ধৰাৰ ব্যৱস্থা কৰিছে সাংসদ গৰাকীয়ে।