অসম

assam

Municipal election 2022 : ঘৰৰ সন্মুখত BJPৰ পতাকা, হৃদয়ত কংগ্ৰেছ: প্ৰদ্যুৎ বৰদলৈ

By

Published : Mar 4, 2022, 4:34 PM IST

পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিবলৈ মাজত মাত্ৰ কেইটিমান মূহুৰ্ত । অন্তিম নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলৰ নেতা-কৰ্মী । নগাঁও পৌৰ সভা এলেকাত ঘৰে ঘৰে প্ৰচাৰ অভিযানত নামিছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ (MP Pradyut Bordoloi door-to-door campaign in Nagaon municipal area) ।

Municipal election 2022
ঘৰৰ সন্মুখত BJPৰ পতাকা,হৃদয়ত কংগ্ৰেছ: প্ৰদ্যুৎ বৰদলৈ

নগাঁও,০৪ মাৰ্চ:পৌৰ সভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । শাসকীয় বিজেপি দলৰ সমান্তৰালকৈ বিৰোধী কংগ্ৰেছেও পৌৰ সভা দখলৰ চেষ্টা অব্যাহত ৰাখিছে । নগাঁও পৌৰ সভা এলেকাত ঘৰে ঘৰে প্ৰচাৰ অভিযানত নামিছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi door-to-door campaign in Nagaon) । নিজৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯ টাকৈ পৌৰ সভাত বিগত কিছুদিন ধৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

মৰিগাঁও, জাগীৰোড, হোজাই, নগাঁৱকে ধৰি নিৰ্বাচন অনুষ্ঠিত হবলগীয়া নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিল সাংসদ প্ৰদ্যুৎ বৰদলৈ । নগাঁও পৌৰসভা এলেকাতো কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অব্যাহত ৰাখিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

নগাঁও পৌৰসভা এলেকাৰ বহু ভোটাৰৰ ঘৰে ঘৰে উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ হৈ ভোট বিচাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । পৌৰ সভা নৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ চলাই শাসকীয় বিজেপিৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

নগাঁও পৌৰ সভা এলেকাত ঘৰে ঘৰে প্ৰচাৰ অভিযানত নামিছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ

বিজেপি গুণ্ডামি ৰাজনীতিত সিদ্ধহস্ত বুলি অভিযোগ উত্থাপন কৰি শাসকীয় দলটোৱে ভয় ভাবুকিৰে পৌৰ সভা দখলৰ চেষ্টা চলোৱা বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী দল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বহু লোকে ঘৰৰ সন্মুখত বিজেপিৰ পতাকা আঁৰি ৰাখিলেও মনুহৰ হৃদয়ত কংগ্ৰেছ আছে বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

ইপিনে নগাঁও পৌৰসভা দখলৰ বাবে বিজেপি মিত্ৰজোঁটেও তৎপৰতা অব্যাহত ৰাখিছে । বিজেপি, অগপ মিত্ৰজোঁটৰ হৈ মন্ত্ৰী অশোক সিংঘালে প্ৰচাৰ চলাই যোৱাৰ পিছত মন্ত্ৰী কেশৱ মহন্তয়ো চলায় প্ৰচাৰ । ইপিনে স্থানীয় বিধায়ক ৰূপক শৰ্মাই দৈনিক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে নগাঁও পৌৰ সভা দখলৰ বাবে ।

লগতে পঢ়ক:Assam civic poll : নগাঁৱত নিশাও নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

ABOUT THE AUTHOR

...view details