অসম

assam

ETV Bharat / state

Pradyut Bordoloi appreciates Rupak Sarmah: একেখন মঞ্চত প্ৰদ্যুৎ বৰদলৈ-ৰূপক শৰ্মা - Former PM of India Atal Bihari Vajpayee

লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পকী পথৰ শুভ উদ্ধোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সাংসদ প্ৰদ্য়ুৎ বৰদলৈ । ৰূপক শৰ্মা এজন উদাৰমনা, উন্নয়ন অভিলাষী ব্যক্তি বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi appreciates MLA Rupak Sarmah) । বিধায়ক ৰূপক শৰ্মা আধুনিক মনৰ ব্যক্তি বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

MP Pradyut Bordoloi appreciates MLA Rupak Sarmah
বিধায়ক ৰূপক শৰ্মাক প্ৰশংসা কৰি কি প্ৰতিশ্ৰুতিবদ্ধ হ'ল প্ৰদ্যুৎ বৰদলৈ ?

By

Published : Oct 23, 2022, 7:12 PM IST

নগাঁও, 23 অক্টোবৰ:নগাঁৱৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত দেওবাৰে পঞ্চমুখ হৈ পৰে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ । দেওবাৰে নগাঁৱৰ কেবাটাও উন্নয়নমূলক আঁচনিৰ শুভ উদ্ধোধনী অনুষ্ঠানত একেলগে দেখা গ'ল বিগত লোকসভা নিৰ্বাচনৰ দুই প্ৰতিদ্বন্দ্বি তথা নগাঁও সদৰ সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক ৰূপক শৰ্মা আৰু কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈক ।

বিধায়ক ৰূপক শৰ্মাক প্ৰশংসা কৰি কি প্ৰতিশ্ৰুতিবদ্ধ হ'ল প্ৰদ্যুৎ বৰদলৈ ?

লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পকী পথৰ শুভ উদ্ধোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে । ৰূপক শৰ্মা এজন উদাৰমনা, উন্নয়ন অভিলাষী ব্যক্তি বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (MP Pradyut Bordoloi appreciates MLA Rupak Sarmah) । বিধায়ক ৰূপক শৰ্মা আধুনিক মনৰ ব্যক্তি বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

লগতে ‘‘উন্নয়নৰ ক্ষেত্ৰত আমি ৰাজনৈতিক সংকীৰ্ণতা ৰাখিব নালাগে । উন্নয়নমূলক কামৰ ক্ষেত্ৰত দুই দলৰ সাংসদ বিধায়কৰ মাজত সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ’’ কথাও উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁও সংসদীয় সমষ্টিত হোৱা উন্নয়নমূলক কামৰ বাবে কেন্দ্ৰীয় চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে সাংসদ বৰদলৈয়ে ।

উল্লেখযোগ্য যে, কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদীয় এলেকাৰ মুঠ 9 টা বিধানসভা সমষ্টিৰ প্ৰায় 33 টা ৰাস্তা Pradhan Mantri Gram Sadak Yojana চমুকৈ PMGSYৰ পৰ্যায়ত সন্নিৱিষ্ট হৈছে তাক লৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাইছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ প্ৰায় 250 কিলোমিটাৰ পথ নিৰ্মাণ হ’ব কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংসদীয় এলেকাত, যাক লৈ সুখীও অনুভৱ কৰিছে বৰদলৈয়ে ৷

মনকৰিবলগীয়া যে এখন দেশ বা ৰাজ্য উন্নতিৰ দিশত অগ্ৰসৰ হ’বলৈ হ’লে গ্ৰামাঞ্চলৰ উন্নতি সাধন কৰিব লাগিব । গাঁৱৰ উন্নয়ন হ’বলৈ হ’লে বাট-পথৰ উন্নয়ন হ’ব লাগিব ৷ জাতিৰ পিতা মহাত্মা গান্ধীয়েও গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি শক্তিশালী কৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । এই গাঁৱৰ ৰাস্তা-ঘাট অৰ্থাৎ গ্ৰামাঞ্চলৰ লগত যাতায়ত সংযোগ উন্নীত কৰাৰ প্ৰধান লক্ষ্য আগত লৈ ২০০০ চনৰ ২৫ ডিচেম্বৰত তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে (Former PM of India Atal Bihari Vajpayee) প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা, চমুকৈ পি এম জি এছ ৱাই উদ্বোধন কৰিছিল ৷ বিগত ১৭ বছৰ ধৰি এই কল্যাণকামী আঁচনিখন ৰূপায়িত হৈ আছে ।

লগতে পঢ়ক:India vs Pakistan: T-20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ABOUT THE AUTHOR

...view details