বঢ়মপুৰ,16 ফেব্ৰুৱাৰীঃসমাগত অসম বিধানসভাৰ নিৰ্বাচন ৷ ৰাজ্যত এতিয়া ৰাজনৈতিক দল-সংগঠনৰ সৰু-বৰ নেতা-কৰ্মী নামিছে সমাজ সেৱাৰ নামত ৷ ৰাজনৈতিক দল সমূহৰ কৃপাত ৰাজ্যত এতিয়া প্ৰতিদিনাই মুকলি কৰা হৈছে বিভিন্ন দলং কিম্বা বিভিন্ন আঁচনি ৷ বাদ পৰি নৰ’ল কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ সোমবাৰে সাংসদ পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা কাঠৰ দলং মুকলি কৰিলে বৰদলৈয়ে ৷
ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ দীৰ্ঘদিনীয়া সমস্যা হিচাপে পৰিগণিত হৈছে কচুৱা-ৰমণীপথাৰ-শিমলুগুৰি সংযোগী বৰপানী নৈৰ ওপৰত থকা বাঁহৰ দলঙখন ৷ এই দলঙখনৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে অঞ্চলটোৰ ৰাইজে ৷ 2021 চনৰ নিৰ্বাচনৰ আওঁতাতে হওঁক বা বৰমূৰীয়াসকলৰ সদিচ্ছাৰ ফলতে হওঁক, বহু অপেক্ষাৰ অন্তত মুকলি কৰা হ’ল এই দলং ৷