অসম

assam

ETV Bharat / state

MP Pallab Lochan Das: কংগ্ৰেছে বেদখলকাৰীৰ মুখপাত্ৰ হিচাপে কাম কৰিছে: সাংসদ পল্লৱ লোচন - Prime minister Mann Ki Baat

ভাৰত জোড়োৰ জৰিয়তে কংগ্ৰেছে মুষ্টিমেয় অঞ্চলক লক্ষ্য় কৰি লৈছে বুলি মন্তব্য় সাংসদ পল্লৱ লোচন দাসৰ (MP Pallab Lochan Das critisised Congress)। নগাঁও জিলাৰ কঢ়ালীগাঁৱত সাংসদগৰাকীয়ে ৰাইজৰ সৈতে একেলগে প্ৰধানমন্ত্ৰীৰ "মন কী বাত"ত অংশগ্ৰহণ কৰি এইদৰে কয় ।

Mann ki Batt in Nagaon
কংগ্ৰেছে বেদখলকাৰীৰ মুখপাত্ৰ হিচাপে কাম কৰিছে :পল্লৱ লোচন

By

Published : Nov 28, 2022, 12:45 PM IST

চামগুৰি, ২৮ নৱেম্বৰ: নগাঁও জিলাৰ কঢ়ালীগাঁৱত দেওবাৰে সাংসদ পল্লৱ লোচন দাসে ৰেডিঅ'টোৰ কাষত বহি ৰাইজৰ সৈতে একেলগে শুনিলে দেশৰ প্ৰধানমন্ত্ৰীৰ "মন কী বাত" (Prime minister Mann Ki Baat)। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ এনে পদক্ষেপৰ জৰিয়তে ৰাইজৰ লগতে দেশৰ বিভিন্ন সমস্য়া সমাধান হৈছে (MP Pallab Lochan Das in Karhaliagaon in Nagaon)।

কংগ্ৰেছে বেদখলকাৰীৰ মুখপাত্ৰ হিচাপে কাম কৰিছে :পল্লৱ লোচন

কলিয়াবৰ জিলা বিজেপিৰ সভাপতিসহ শতাধিক ৰাইজৰ সৈতে সাংসদ পল্লৱ লোচন দাসে শুনিলে প্ৰধানমন্ত্ৰীৰ "মন কী বাত"। উক্ত অনুষ্ঠানৰ পিছতেই তেওঁ এক দলীয় কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । ইপিনে, সাংসদগৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ 'ভাৰত জোড়ো' সন্দৰ্ভত মন্তব্য় আগবঢ়াই কয়, " ভাৰত জোড়ো কংগ্ৰেছৰ ফ্লপ শ্ব'!" তেওঁ পুনৰ কয় যে, দলটোৰ বিধায়কসকলে যাত্ৰাত অংশগ্ৰহণ নকৰি গৈছে আকৌ বাংলাদেশ ভ্ৰমণত (MP Pallab Lochan Das comment on Bharat Jodo)। লগতে ৰাহুল গান্ধীয়ে অসমত আহি খোজ কাঢ়িছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে (Pallab Lochan Das comment on Rahul Gandhi)। অসমত কেৱল মাত্ৰ নিয়মমাফিক কাৰ্যসূচী কংগ্ৰেছে ৰূপায়ণ কৰা বুলিও সাংসদ পল্লৱ লোচন দাসে দলটোক কটাক্ষ কৰে ।

সাংসদ পল্লৱ লোচন দাসে পুনৰ কয়, যে ভাৰত জোড়োৰ জৰিয়তে কংগ্ৰেছে মুষ্টিমেয় কিছু অঞ্চলক লক্ষ্য় কৰি লৈছে । কংগ্ৰেছ এতিয়া ডুবন্ত নাও বুলি উল্লেখ কৰি তেওঁ কয়,"বাকী থকাখিনি সভাপতি ভূপেন বৰাই শেষ কৰিব ।" বেদখলকাৰীৰ মুখপাত্ৰ হিচাপে কংগ্ৰেছে কাম কৰিছে বুলি মন্তব্য় কৰি সাংসদ পল্লৱ লোচন দাসে কয়, "কংগ্ৰেছ দলটো থাকিলেও ধুবুৰী অথবা ধুবুৰীৰ লেখীয়া একাংশ অঞ্চলতহে থাকিব ।"

লগতে পঢ়ক:Mukro violence issue: সীমা সমস্যা সমাধানৰ বাবে সকলোকে আগুৱাই অহাৰ আহ্বান প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details