অসম

assam

ETV Bharat / state

Kamakhya Prasad Tasa in Dhing: ধিঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সাংসদ কামাখ্যা প্ৰসাদ তাচা - শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী

কথা দি কথা ৰাখিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই । প্ৰতিশ্ৰুতি দিলে ১০ লাখ টকাৰ অনুদানৰ । ধিং শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰি তাচাই ক’লে, শিশু নিকেতন ৰাইজৰ সেৱাৰ সৈতে জড়িত এটা অনুষ্ঠান । শিশু নিকেতন অইন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে নহয় তুলনা ।

MP Kamakhya Prasad Tasa at Shankardev Shishu Vidya Niketan in Dhing
শিশু বিদ্যা নিকেতনত সাংসদ কামাখ্যা প্ৰসাদ তাচা

By

Published : Jan 28, 2023, 12:08 PM IST

শিশু বিদ্যা নিকেতনত সাংসদ কামাখ্যা প্ৰসাদ তাচা

নগাঁও, 28 জানুৱাৰী: উদুলি মুদুলি এতিয়া এখন শিক্ষানুষ্ঠানৰ বাকৰি । হঠাৎ ধূপে-ধূনাই, ঢোলে-ডগৰে গৰজি উঠিল ধিঙৰ এখন বিদ্যালয়ৰ বাকৰি । কাৰণ ধিং শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী প্ৰাক মুহূৰ্ত্তত হঠাৎ উপস্থিত হলহি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা । সাংসদগৰাকীয়ে নিদিষ্ট সময়ত অন্য বিশেষ কামৰ ব্যস্ততাৰ কাৰণে আহিবলগীয়া হ’ল এটা দিনৰ পূৰ্বে ।

সেয়েহে ধিং শংকৰদেৱ বিদ্যা নিকেতনে আয়োজন কৰা ৰূপালী জয়ন্তী অনুষ্ঠানৰ আগদিনাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে (Shankardev Shishu Vidya Niketan Dhing) । বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ পৰিৱেশ দেখি উৎফুল্লিত হৈ পৰিল সাংসদ গৰাকী (Silver Jubilee of Shankardev Vidya Niketan) । বিদ্যালয়ৰ মুখ্য তোৰণৰ পৰা ডোলে ডগৰে আদৰি আনি উদযাপন সমিতিয়ে ছাত্ৰ-ছাত্ৰী অভিভাৱক শিক্ষাগুৰুসকলৰ লগতে স্থানীয় বহু লোকৰ উপস্থিতিত সম্বৰ্দ্ধনা জনালে সাংসদ গৰাকীক ।

তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সঠিক দিশৰ ওপৰত ভাষণৰ মাজেদি আগবঢ়ালে পৰামৰ্শ (MP of Rajya Sabha Kamakhya Prasad Tasa) । তাৰ পিছতে বিদ্যালয়খনৰ উন্নয়নৰ বাবে নিজা সাংসদ পুঁজিৰে আগবঢ়ালে ১০ লাখ টকা (MP fund) । বিদ্যালয়খনত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত সাংসদ কামাখ্যা প্ৰসাদ তাচাই শিশু বিদ্যানিকেতনৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে ।

লগতে পঢ়ক:Battle of Patharughat: আজি কৃষক শ্বহীদ দিৱস, দৰঙত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন

সাংসদগৰাকীয়ে সাংবাদিকৰ আগত কয় যে শিশু বিদ্যানিকেতনৰ এক অনন্য আৰু সুকীয়া চৰিত্ৰ আছে (Kamakhya Prasad Tasa at Dhing) । যাৰ বাবে ৰাইজে শিশু নিকেতনসমূহক আঁকোৱালি লৈছে । শিশু নিকেতনসমূহ মাদ্ৰাছা অথৱা ডনবস্কৰ সৈতে তুলনা নহয় । এনে এখন সুকীয়া শিক্ষানুষ্ঠানে ২৫ টা বছৰ অতিক্ৰম কৰাৰ ক্ষেত্ৰত যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে কৰ্তৃপক্ষই । এনে এখন শিক্ষানুষ্ঠানে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াটো এক বৃহৎ প্ৰত্যহ্বান বুলি মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচাই । মুঠৰ ওপৰত ধিং শংকৰদেৱ বিদ্যা নিকেতন ২৫ বৰ্ষৰ পিছত সফলতাৰ অন্য এক দিশে গতি কৰিছে ৷

লগতে পঢ়ক:Air monitoring system: নগাঁও মহাবিদ্যালয়ত বায়ুৰ পৰিবেশৰ মানদণ্ডৰ নিৰীক্ষণ কেন্দ্ৰ মুকলি

ABOUT THE AUTHOR

...view details