অসম

assam

ETV Bharat / state

NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰঃ গৌৰৱ গগৈ - অমিত শ্বাহ

বিজেপিৰ গাফিলতিৰ বাবে বহু লোকে কাম এৰি, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি এতিয়া ন্যায়ালয়লৈ যাব লগা হ'ব । বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, NRC ক  লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে

NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰঃ গৌৰৱ গগৈ

By

Published : Sep 18, 2019, 4:28 PM IST

নগাঁও, 18 চেপ্তেম্বৰঃ'NRC প্ৰক্ৰিয়া জন্ম দিলে কংগ্ৰেছে, কিন্তু পেলনীয়া কৰিলে বিজেপিয়ে' এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ । বটদ্ৰৱা সমষ্টিৰ ঐতিহাসিক গৰখীয়া থানত উপস্থিত হৈ এই মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । জাতিৰ দলিল স্বৰূপ NRC ক জন্ম দিছিল কংগ্ৰেছে । কিন্তু বিদেশী সমস্যাৰ সমাধান বিচৰা নাই বিজেপিয়ে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গৌৰৱ গগৈৰ মন্তব্য, হিমন্ত বিশ্ব‌ই এইখন NRC ন'হলেও হ'ল, আমি নতুন NRC কৰিম আদি মন্তব্য কৰি বিসংগতিৰ সৃষ্টি কৰিছে । লগতে কয়, বিজেপিৰ গাফিলতিৰ বাবে বহু লোকে কাম এৰি, ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি এতিয়া ন্যায়ালয়লৈ যাব লগা হ'ব । বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে, NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে ।

NRC ক লৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰঃ গৌৰৱ গগৈ


আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহক সমালোচনা কৰি কয় সাংসদ গৰাকীয়ে কয়, আমি গম পালো তেওঁলোকে NRC নিবিচাৰে, NRC ক লৈ যাতে পুনৰ ৰাজনীতি কৰিব পাৰে সেয়া বিজেপিৰ উদ্দেশ্য । অসম চুক্তিত কংগ্ৰেছে চহী কৰিছে, NRC কংগ্ৰেছে কৰিছে, আমিওঁ বিদেশী মুক্ত অসম বিছাৰো । আজি বিজেপিৰ দিনত নিবনুৱা সংস্থাপনৰ কোনো সংকল্প নাই ৷ বুধবাৰে বটদ্ৰৱা সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বিজেপিক এনেদৰে কঠোৰ সমালোচনা কৰাৰ লগতে সাংসদ উন্নয়ন পুঁজি বিতৰণ আৰু চলি থকা কাম কাজৰ বুজ লয় সাংসদ গৌৰৱ গগৈয়ে ।

ABOUT THE AUTHOR

...view details