কলিয়াবৰ, 11 ছেপ্টেম্বৰ: চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাতৰি প্ৰকাশ কৰি শেহতীয়াকৈ একাধিকবাৰ মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ তীক্ষ্ণ বাক্য-বাণৰ সন্মুখীন হৈছে সংবাদ-কৰ্মী, সাংবাদিক (Assam govt threats journalists)৷ ভিক্টৰ দাস নামৰ এজন যুৱকে চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ(Assam recruitment scam allegation) তোলাৰ পাছত উক্ত প্ৰসংগত বাতৰি প্ৰচাৰ কৰাৰ বাবেও অসম চৰকাৰৰ মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰে সংবাদ মাধ্যমক ৷
এই প্ৰসংগত দেওবাৰে সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi) প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাংসদগৰাকীয়ে কয় যে বৰ্তমান বিজেপি চৰকাৰৰ জন-বিৰোধী নীতিৰ সমালোচনা কৰিলে সকলোৰে বিপদ । এই বিপদৰ সন্মুখীন হৈছে সংবাদকৰ্মীসকলো । ভয়-ভাবুকিৰে অসমৰ সাংবাদিকৰ মুখ বন্ধৰ চেষ্টা চলাইছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে । কলিয়াবৰত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দলীয় কৰ্মশালাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কলিয়াবৰৰ সাংসদগৰাকীয়ে ।
প্ৰসংগক্ৰমে সাংসদগৰাকীয়ে উল্লেখ কৰে যে, এটা সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মিমিক্ৰী কৰি জনপ্ৰিয় হৈছিল এগৰাকী শিল্পী (Mimicry of Tarun Gogoi)৷ শিল্পীগৰাকীক প্ৰশংসা কৰিছিল স্বয়ং তৰুণ গগৈয়ে । আজি যদি দেশৰ প্ৰধানমন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ তেনে মিমিক্ৰী কৰা হয়, সেই শিল্পীগৰাকী জেললৈ যাবলগীয়া হ’ব । কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দিনত সংবাদ জগত তথা সাধাৰণ ৰাইজৰ সকলো ধৰণৰ মত প্ৰকাশৰ অধিকাৰ আছিল বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।