নগাঁও,17 জুন : ঋণ ৰেহায়ৰ নামত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ভেকোভাৱনা কৰিছে । মাইক্ৰ’ফাইনেঞ্চৰ ঋণ (Micro Finance Loan) ৰেহাই দিয়াৰ হ'ব বুলি ব্যাপক প্ৰচাৰ চলাই এতিয়া বাধাৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ।
আংশিক লক ডাউনৰ এই জটিল সময়ত ৰাজ্যৰ চাহ শ্ৰমিক সকলক ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে প্ৰথম মাহতে প্ৰতাৰণা কৰা বুলিও অভিযোগ উত্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে । ছত্তিশগড়ত কংগ্ৰেছ চৰকাৰে ঘোষণা কৰা মতেই ঋণ মাফ কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ চৰকাৰক অনুকৰণ কৰিবলৈ বিজেপি চৰকাৰক আহ্বান জনোৱা পৰিলক্ষিত হয় ৷