অসম

assam

ETV Bharat / state

গৌৰৱ গগৈৰ 'কৃতজ্ঞতা যাত্ৰা' - 'কৃতজ্ঞতা যাত্ৰা' চাৰিদিনীয়া যাত্ৰা

সাংসদ গগৈৰ 'কৃতজ্ঞতা যাত্ৰা' চাৰিদিনীয়া যাত্ৰাৰ অংশস্বৰূপে শনিবাৰে কলিয়াবৰৰ সাংসদ আজি কলিয়াবৰত ক'ভিড টিকাকৰণ অভিযানত অসম চৰকাৰ ব‍্যৰ্থ হোৱাৰ অভিযোগ ৷ অখিল গগৈৰ মুক্তিক লৈ সন্তুষ্টি প্ৰকাশ সাংসদগৰাকী ৷

গৌৰৱ গগৈৰ 'কৃতজ্ঞতা যাত্ৰা'
গৌৰৱ গগৈৰ 'কৃতজ্ঞতা যাত্ৰা'

By

Published : Jul 3, 2021, 6:19 PM IST

কলিয়াবৰ, 3 জুলাই :সাংসদ গৌৰৱ গগৈয়ে (Gaurav Gogoi) পৰিদৰ্শন কৰে কলিয়াবৰৰ চাৰিখন চিকিৎসালয় । চিমনা বস্তি, পানীগাঁও, উলুৱনী আৰু জখলাবন্ধা চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ ক'ভিড পৰিস্থিতিৰ বিষয়ে বুজ লয় । চৰকাৰে বান্ধি দিয়া মতে, দহ দিনত 30 লাখ ক'ভিডৰ টীকাকৰণৰ লক্ষ‍্যত উপনীত হ'ব নোৱাৰাত সমালোচনাৰ সন্মুখীন হৈ পৰে সাংসদগৰাকী । আনকি স্বাস্থ‍্যমন্ত্ৰীৰ নিজ সমষ্টিতে টীকাকৰণত ব‍্যৰ্থ হৈছে বুলি অভিযোগ তোলে সাংসদগৰাকীয়ে । প্ৰতিষেধক টিকা ল'বলৈ যিদৰে ওলাই আহি শাৰী পাতিছে, চৰকাৰে কিন্তু পৰ্যাপ্ত পৰিমাণৰ প্ৰতিষেধকৰ ব‍্যৱস্থা কৰিব নোৱাৰাত সংক্ৰমণৰ সংখ‍্যা বৃদ্ধি হৈছে বুলি সন্দেহ প্ৰকাশ কৰে ।

গৌৰৱ গগৈৰ 'কৃতজ্ঞতা যাত্ৰা'

আনহাতে, বিধায়ক অখিল গগৈৰ মুক্তিৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব‍্য প্ৰকাশ কৰি কয় যে, বৰ্তমানৰ এই চৰকাৰখনে প্ৰতিবাদৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি অখিল গগৈৰ লগতে আন বহুতকে অন‍্যায়ভাৱে বন্দী কৰি ৰাখিছিল । দীৰ্ঘদিন ধৰি এই ব‍্যক্তিসকলক বন্দী কৰি চৰকাৰৰ বিৰুদ্ধে মাত মতা কণ্ঠক দমন কৰাতো সম্ভৱ নহয় । কিন্তু ভৱিষ‍্যতে এই চৰকাৰে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ ব‍্যাপক ৰূপত অৱতীৰ্ণ হোৱাৰ প্ৰয়াস কৰিব যিটো আমি প্ৰতিৰোধ কৰিব লাগিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ (Covid) সংক্ৰমণ । বিগত কিছুদিন ধৰি প্ৰায় একেই অৱস্থাত আছে সংক্ৰমণৰ হাৰ । অৱশ্যে ৰাজ্যিক ভিত্তিত আক্ৰান্তৰ হাৰ প্ৰায় একেই থাকিলেও জিলা ভিত্তিত যথেষ্ট তাৰতম্য হোৱা পৰিলক্ষিত হৈছে ।

গৌৰৱ গগৈৰ 'কৃতজ্ঞতা যাত্ৰা'

বিগত কিছুদিন ধৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ 1.50 শতাংশৰ পৰা 3 শতাংশৰ ভিতৰত আছে যদিও বিভিন্ন জিলাত আক্ৰান্তৰ হাৰ 10 শতাংশৰো বেছি হৈছে । আনহাতে এতিয়ালৈকে ৰাজ্যৰ 74,39,098 গৰাকী লোকে ভেকচিন (Vaccine) লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে 61,63,655 গৰাকী লোকে প্ৰথম পালি (First dose) আৰু 12,75,443 গৰাকী লোকে দ্বিতীয় পালি (Second dose) ভেকচিন লাভ কৰিছে । চৰকাৰী তথ্য মতে বিগত 24 ঘণ্টাত ৰাজ্যৰ 2,31,520 গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে আৰু চৰকাৰৰ হাতত মজুত আছে 3,04,790 পালি ভেকচিন ।

লগতে পঢ়ক:অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে নিযুক্তি পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details