নগাঁও,15 অক্টোবৰ: নগাঁৱৰ বঢ়মপুৰৰ বামুনীৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লাণ্ট প্ৰজেক্ট স্থাপন কৰাক লৈ বামুনী আমডাঙাত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন । প্ৰতিবাদত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,সাংবাদিক মনজিৎ মহন্ত,লাচিত বৰদলৈসহ এটা দল । অজিত ভূঞাই হুংকাৰ দি কয় যে,কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক মাটি এৰি দিয়া নহ'ব ।
অসম চৰকাৰৰ অনুমোদন সাপেক্ষে APDCLৰ জৰিয়তে ‘আজুৰ’ কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ নিকটৱৰ্তী আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে । কিন্তু এনে কাৰ্যত অসন্তুষ্ট হৈ দখল কৰি থকা বামুনী হায়ংথলৰএকাংশ লোকে ন্যায়ালয়ৰ কাষ চাপে । ইয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কৃষকৰ উচ্ছেদ বন্ধ কৰা,কৃষক-শ্ৰমিক বিৰোধী আইনসমূহ প্ৰত্যাহাৰ,নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ লগতে ৰাজ্যখনত সংঘটিত হোৱা বিয়াগোম SI কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীৰে CPI আৰু নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত অনুষ্ঠিত সভাত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা,সাংবাদিক মনজিৎ মহন্ত,মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,ৰাছেল হুইছেনসহ এটা সঁজাতি দল বামুনী আমডাঙাত উপস্থিত হয় ।