বটদ্ৰৱা,২১ মাৰ্চ: বটদ্ৰৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে দেওবাৰে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে একাংশ কংগ্ৰেছ কৰ্মীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে । মতিউৰ ৰহমানে সমষ্টিৰ জাজৰিৰ নিচানতলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে কংগ্ৰেছ কৰ্মীৰ বাধাৰ সন্মুখীন হয় ৷ কংগ্ৰেছ কৰ্মীসকলে প্ৰাৰ্থীগৰাকীক বহু সময় ধৰি আৱদ্ধ কৰি ৰাখে । অৱশেষত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীক ।
বটদ্ৰৱাত নিৰ্দলীয় প্ৰাৰ্থীক প্ৰচাৰত বাধা কংগ্ৰেছ কৰ্মীৰ - এআইইউডিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক
মতিউৰ ৰহমান এআইইউডিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আৰু মহাজোঁটৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল । কিন্তু এআইইউডিএফ-ৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ৷
বটদ্ৰৱাত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত বাধা কংগ্ৰেছ কৰ্মীৰ
উল্লেখ্য যে, মতিউৰ ৰহমান এআইইউডিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আৰু মহাজোঁটৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আছিল । কিন্তু এআইইউডিএফ দলৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰূপে বটদ্ৰৱা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ৷ ৰহমানে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাত দেওবাৰে কংগ্ৰেছ কৰ্মীসকলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে বাধা দিয়ে আৰু আৱদ্ধ কৰি ৰাখে ৷