অসম

assam

ETV Bharat / state

জোঁৱায়েকৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত বৃদ্ধ শাহু

নগাঁৱৰ কামপুৰত যৌতুকৰ বাবে পত্নী আৰু শাহুৱেকক আক্ৰমণ এজন লোকৰ ৷ শাহুৱেকক চুৰিৰে আক্ৰমণ কৰি পলাতক অৱস্থাত আছে জোঁৱাই ৷ অভিযুক্তক বিচাৰি অভিযান আৰম্ভ আৰক্ষীৰ ৷

By

Published : Jan 7, 2021, 2:01 PM IST

mother in law attacked
শাহুৱেকক আক্ৰমণ জোঁৱায়েকৰ

বঢ়মপুৰ,7 জানুৱাৰী : নগাঁও জিলাৰ কামপুৰৰ কলাইখোৱা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ যৌতুকৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি এইবাৰ শাৰীৰিকভাৱে আক্ৰমণ কৰিলে পত্নীৰ লগতে শাহুৱেকক ।

অভিযুক্ত জোঁৱাই

প্ৰাপ্ত তথ্য অনুসৰি, 8 মাহ পূৰ্বে গাঁওখনৰ ৰাতুল দাস নামৰ লোকজনে এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাচত যৌতুকৰ বাবে নানা ধৰণে পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে স্বামী ৰাতুল দাসে ৷ ইফালে পত্নী গৰ্ভৱতী হোৱাৰ পাচতে ৰাতুলে পত্নীক চিকিৎসাৰ বাবে মাকৰ ঘৰলৈ লৈ যায় ৷

শাহুৱেকক আক্ৰমণ জোঁৱায়েকৰ

ইয়াৰ কেইদিনমান পাচতে স্বামী ৰাতুল দাসে শহুৰেকৰ ঘৰলৈ গৈ পত্নীক বলপূৰ্বকভাৱে নিজ ঘৰলৈ নিবলৈ চেষ্টা কৰে । ৰাতুলৰ এই কাৰ্যত বাধা প্ৰদান কৰিবলৈ যাওঁতে পত্নী আৰু শাহুক আক্ৰমণ কৰে ৰাতুলে । আনকি শাহুৱেকক চুৰিৰে আক্ৰমণ কৰি পলায়ন কৰে জোঁৱাইয়ে ৷

ঘটনা সন্দৰ্ভত অভিযুক্ত ৰাতুলৰ পত্নীয়ে স্বামীৰ বিৰুদ্ধে কামপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

আনহাতে, অভিযুক্ত স্বামীক শীঘ্ৰেই শাস্তি দি পত্নীক ন্যায় প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে আৰক্ষীয়ে ৰাতুলক বিচাৰি আৰম্ভ কৰিছে অভিযান ৷

লগতে পঢ়ক :টীয়কত জব্দ কয়লা ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details