নগাঁও, 5 এপ্ৰিল :ক্ৰমশঃসামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে ড্ৰাগছ ৷ একাংশ যুৱপ্ৰজন্মই ড্ৰাগছৰ কঁৰাল গ্ৰাসত পৰি নিজৰ লগতে পৰিয়ালটোলৈকো অমানিশা নমাই অনা পৰিলক্ষিত হৈছে ৷সম্প্ৰতি ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে নৱ প্ৰজন্ম । ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ পিচতো ৰোধ কৰিব পৰা নাই এই আসক্তি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো যেন দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । শেহতীয়াকৈ ড্ৰাগছ সেৱনৰ বাবেই পুত্ৰই মাতৃৰ গহনা চুৰি কৰাৰ কৰে এক জঘন্য ঘটনাই সংঘটিত হৈছে নগাঁৱত (Anti drugs mission in Assam) ।
ড্ৰাগছৰ বাবে নিজ গৃহতে চুৰিকাণ্ড সংঘটিত কৰি এজন যুৱক আৰক্ষীৰ জালত পৰা ঘটনাই সৃষ্টি কৰিছে অঞ্চলজুৰি চাঞ্চল্যৰ । এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ কৰয়নীত । কৰয়নী গাঁৱৰ এজন কিশোৰে ড্ৰাগছ সেৱন কৰিবৰ বাবেই সংঘটিত কৰিছে জঘন্য ঘটনা । মাতৃৰ সোণৰ গহণা, কাঁহৰ কাহী-বাতিৰ লগতে মূল্যৱান সা-সম্পদ চুৰি কৰা কিশোৰগৰাকীৰ বিৰুদ্ধে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত যুৱকজনৰ মাতৃয়েই দাখিল কৰিছে এজাহাৰ (Mother file FIR against son for consuming drugs)।
লগতে পঢ়ক :Hanuman Jayanti 2023 : হনুমান জয়ন্তীত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে সকলো ৰাজ্যক নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ