অসম

assam

By

Published : Oct 15, 2019, 4:35 PM IST

ETV Bharat / state

নগাঁৱত মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ পুত্ৰৰ

পুত্ৰই মাতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাত ৷ জিলাখনৰ ৰাইদঙীয়াত সীমাবিবাদক লৈ মাতৃক আক্ৰমণ কৰে পুত্ৰই ৷

মাতৃ আৰু পুত্ৰ

নগাঁও,15 অক্টোবৰঃ নগাঁৱত সীমাকেন্দ্ৰীক বিবাদত পুত্ৰৰ হাতত প্ৰহৃত হ'ল মাতৃ ৷ জিলাখনৰ ৰাইদঙীয়াত সংঘটিত হয় এই কাণ্ড ৷

কনিষ্ঠ পুত্ৰৰ আক্ৰমণত আহত মাতৃ, জ্যেষ্ঠ ভাতৃ

লগতে পঢ়কঃ নলাপৰাত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত আছিল স্থানীয় যুৱক

মঙলবাৰে ৰাতিপুৱাতেই পুত্ৰই লোহাৰ ৰদেৰে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আঘাত কৰিলে নিজ মাতৃ সৰুছোৱালী দাসক ৷ পুত্ৰ কৃষ্ণমণি দাস ওৰফে মাটিয়াই সংঘটিত কৰে এই কাণ্ড ৷

ভূমিক কেন্দ্ৰ কৰি লৈ পিতৃ বিনোদ দাসৰ আদেশত এইদৰে মাতৃ আৰু জ্যেষ্ঠ ভাতৃক প্ৰহাৰ কৰে কৃষ্ণমণিয়ে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত মাতৃ আৰু জ্যেষ্ঠ পুত্ৰক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত জাজৰি আৰক্ষীয়ে কৃষ্ণমণি দাসক গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়কঃ নকল সোণ সহ গৌৰীপুৰ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ৷ উল্লেখ্য যে,পিতৃ বিনোদ দাসৰ নিৰ্দেশত কৃষ্ণমণিয়ে নিজগৃহৰ সোঁমাজতে জেওৰা দি দুফাল কৰিছিল চোতালখন ৷ দীৰ্ঘদিনৰ পৰাই অঞ্চলবাসীক মানসিক হাৰাশাস্তি কৰি আহিছিল কৃষ্ণমণি ওৰফে মাটিয়াই ৷

ABOUT THE AUTHOR

...view details