হোজাই, 29 এপ্ৰিলঃচৰকাৰী টকাৰ বাবে দুই পুত্ৰই মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে নিজ মাতৃক । এই ঘটনা সংঘটিত হৈছে হোজাইৰ ডবকাত । চৰকাৰে একাউন্টত দিয়া ৫০০ টকা নিদিয়াৰ বাবেই দুই পুত্ৰই শাৰিৰীকভাৱে আঘাত কৰি নিজ মাতৃক ঘৰৰ পৰা উলিয়াই দিয়ে । যাৰ বাবে অসহায় বৃদ্ধা গৰাকীয়ে দুদিন ৰাজপথতে নিশা অতিবাহিত কৰিবলৈ বাধ্য হয় ।
চৰকাৰী সাহাৰ্যৰ 500 টকাৰ বাবেই মাতৃক ঘৰৰ পৰা বহিস্কাৰ কৰিলে দুই পুত্ৰই ! - চৰকাৰে একাউন্টত দিয়া ৫০০ টকা
হোজাইৰ ডবকাত চৰকাৰে একাউন্টত দিয়া ৫০০ টকা নিদিয়াৰ বাবে নিজ মাতৃক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিলে দুই পুত্ৰই । দুই পুত্ৰ ক্ৰমে আনোৱাৰ আৰু ফাৰুকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।
![চৰকাৰী সাহাৰ্যৰ 500 টকাৰ বাবেই মাতৃক ঘৰৰ পৰা বহিস্কাৰ কৰিলে দুই পুত্ৰই ! Mother assaulted by son in hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6982392-thumbnail-3x2-kk.jpg)
Mother assaulted by son in hojai
জন্মদাত্ৰীক প্ৰহাৰ কৰি আটক দুই পুত্ৰ
অসহায় বৃদ্ধাগৰাকীৰ বিষয়ে অৱগত হোৱাৰ পিচতে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণীতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে মঙলবাৰে, চন্দ্ৰবান বিবি নামৰ বৃদ্ধাগৰাকীক উদ্ধাৰ কৰে । উল্লেখ্য যে, বৃদ্ধাগৰাকীক প্ৰহাৰ কৰা দুই পুত্ৰ ক্ৰমে আনোৱাৰ আৰু ফাৰুকক ইতিমধ্যে মোৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে ।
লগতে পঢ়কঃনগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ