অসম

assam

By

Published : Nov 7, 2020, 8:50 AM IST

ETV Bharat / state

নৱপ্ৰজন্মক বিনামূল্যে কাৰাটে, বক্সিং, টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান এজন যুৱকৰ

নৱপ্ৰজন্মক সুস্থ সৱল আৰু ভয়মুক্ত জীৱন উপহাৰ দিয়াৰ উদ্দেশ্যত ব্ৰতী নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চৰাইবাহীৰ এজন যুৱকৰ ৷ 2009 চনৰ পৰা নিজা খৰছৰে যুৱকজনে নৱপ্ৰজন্মক প্ৰদান কৰি আহিছে কাৰাটে, বক্সিং আৰু টাইকোৱানডোৰ প্ৰশিক্ষণ ৷

নৱপ্ৰজন্মক বিনামূল্যে কাৰাটে, বক্সিং, টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান এজন যুৱকৰ
নৱপ্ৰজন্মক বিনামূল্যে কাৰাটে, বক্সিং, টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান এজন যুৱকৰ

চামগুৰি, 7 নৱেম্বৰ: সমাজৰ উঠি অহা প্ৰজন্মক এক ভয়মুক্ত জীৱন প্ৰদান কৰাৰ লগতে শাৰীৰিক ভাৱে সুস্থ সবল কৰি গঢ়ি তোলাৰ উদ্দেশ্যে বিনামূল্যে কাৰাটে, বক্সিং, টাইকোৱানডোৰ প্ৰশিক্ষণ প্ৰদান এজন যুৱকৰ ৷ 2009 চনৰে পৰা নিৰৱচিন্ন ভাৱে সম্পূৰ্ণ নিজা খৰছেৰে উঠি অহা প্ৰজন্মক এই প্ৰশিক্ষণ প্ৰদান কৰি আহিছে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চৰাইবাহিৰ এজন যুৱকে ৷ উঠি অহা প্ৰজন্মই যাতে আত্মৰক্ষাৰ বাবে নিজকে শাৰিৰীক তথা মানসিকভাৱে সবল কৰি তুলিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই মতিবুৰ ৰহমান (মাজু) নামৰ যুৱক গৰাকীয়ে এই প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷

উঠি অহা প্ৰজন্মক বিনামূল্যে কাৰাটে বক্,িং আৰু টাইকোৱানডোৰ প্ৰশিক্ষণ

জানিব পৰা মতে ২০০০ চনতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ক্ৰীড়াবিদ মানস কুমাৰ নাথৰ তত্ত্বাৱধানত মতিবুৰে কাৰাটে, বক্সিং আৰু টাইকোৱানডোৰ প্ৰশিক্ষণ গ্ৰহন কৰিছিল ৷ ইতিমধ্যে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ চীন, শ্ৰীলংকা, পাকিস্তান, অষ্ট্ৰেলিয়া আদি দেশৰ খেলুৱৈৰ বিৰুদ্ধে যুঁজ দি মতিবুৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ মতিবুৰে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাত যোগদান কৰি পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷ অৱশ্যে বহু কষ্টৰ মাজেৰে নিজা খৰছত সমাজৰ উঠি অহা যুৱক-যুৱতীসকলক শাৰীৰিক আৰু মানসিকভাবে শক্তিশালী কৰি তোলাৰ সাধনাত ব্ৰতী মতিবুৰক আৰ্থিক সংকটে প্ৰায়েই অসুবিধাৰ সন্মুখীন কৰাই আহিছে ৷ সেয়ে উদ্যমী যুৱকগৰাকীক চৰকাৰীভাৱে সহায় সহযোগ আগবঢ়ালে মতিবুৰে নিজ উদেশ্যত আৰু অধিক সফল হ'ব বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে

লগতে পঢ়ক:আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details