কৰ্কট ৰোগীৰ কাষত মৰিগাঁৱৰ জিলা আয়ুক্ত ধিং, 6 ছেপ্টেম্বৰ : কৰ্কট ৰোগীৰ কাষত থিয় হ’ল মৰিগাঁৱৰ জিলা আয়ুক্ত ৷ ৰোগীৰ খৰছ বহন কৰিবলৈ আগবাঢ়ি আহিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ৷
মানৱ সেৱাত ব্ৰতী এগৰাকী জিলা আয়ুক্ত ৷ চৰকাৰী কামকাজত অতি ব্যস্ততাৰ মাজতো দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লবলৈ মৈৰাবাৰীত উপস্থিত হয় মৰিগাঁৱৰ জিলা আয়ুক্তগৰাকী ৷ মানৱীয় গুণসম্পন্ন তথা মানৱ দৰদী এজন প্ৰশাসনিক বিষয়া ৷ কেতিয়াবা তেওঁ গান গায়, কেতিয়াবা বাদ্য যন্ত্ৰ বজাই, কেতিয়াবা আকৌ স্কুলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়ে ৷ নিজে কিতাপো লিখে ৷ কেতিয়াবা চৰ অঞ্চলত গৈ চৰবাসীৰ কণ কণ ল’ৰা ছোৱালীৰ লগত খেল-ধেমালিত ব্যস্ত হয় ৷
সমাজ সংস্কাৰক বিভিন্ন সভা-সমিতিতো অংশগ্ৰহণ কৰে তেওঁ ৷ দুখীয়াৰ দুখত সমভাগী মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই মৈৰাবাৰীত বহু দিনৰে পৰা কৰ্কট ৰোগত ভুগি থকা আবু হানিফ নামৰ এজন দুখীয়া পৰিয়ালৰ যুৱকৰ খবৰ লাভ কৰাৰ পিছতেই তৎকালীনভাবে উপস্থিত হয় যুৱকজনৰ ঘৰত ৷ আয়ুক্ত দেবাশীষ শৰ্মাই আবু হানিফৰ ঘৰত উপস্থিত হৈ তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা যাৱতীয় খৰছ বহন কৰাৰ কথা জনোৱাৰ লগতে যুৱকজনৰ পৰিয়ালক আৰ্থিক সাহায্য হিচাবে কিছু পৰিমাণৰ নগদ ধনো প্ৰদান কৰে ৷
আনহাতে মৈৰাবাৰীৰে পাতেকীবঢ়ি গাঁৱত আবু বক্কৰ ছিদ্দিক নামৰ আন এগৰাকী কৰ্কট ৰোগীৰ ঘৰতো উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় জিলা আয়ুক্ত গৰাকীয়ে ৷ অতি ব্যস্ততাৰ মাজতো ক্ষন্তেক সময় মানৱ সেৱাৰ বাবে দিব পৰাটো সকলোৰে বাবে সম্ভৱ নহয় যদিও আয়ুক্তগৰাকীয়ে সেয়া প্ৰমাণ কৰি দেখুৱালে ৷
লগতে পঢ়ক :Amrit Brikshya Andolan: ৪৭ কোটি টকাৰে ১ কোটি গছপুলি ৰোপণ কৰি বিশ্ব ৰেকৰ্ডৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ অসম চৰকাৰৰ