নগাঁও, 17 নৱেম্বৰ:নগাঁৱৰ মাজৰআটিত উত্তপ্ত পৰিস্থিতি ৷ মাজৰআটিত সংঘটিত হয় এক মৰেল পুলিচিঙৰ ঘটনা । নগাঁৱৰ মাজৰআটিত এটা চোৰৰ ওপৰত একাংশ লোকৰ অমানৱীয় আক্ৰমণ চলায় ৷ সেই সময়তে এই সমগ্ৰ দৃশ্য বন্দী কৰিছিল সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা ইটিভি ভাৰতৰ সাংবাদিকে ৷ কিন্তু উদাত্ত ৰাইজে সাংবাদিকগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে তেওঁৰ ম’বাইলৰ পৰা বলপূৰ্বকভাৱে ডিলিট কৰে সমগ্ৰ দৃশ্য ৷ জিতুমণি নামৰ এজন যুৱকৰ নেতৃত্বত আক্ৰমণ সংঘটিত কৰে মৰেল পুলিচৰ দলটোৱে ৷ আনকি স্থানীয় গাওঁবুঢ়াৰ বিৰুদ্ধেও উঠিছে আক্ৰমণৰ অভিযোগ । গাওঁবুঢ়াসহ কেইবাজনৰ বিৰুদ্ধে লোকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল সাংবাদিকগৰাকীৰ ৷ জানিব পৰা মতে গাওঁবুঢ়া জন বিজেপি নেতা অনিল দাস ৷
নগাঁৱত Etv ভাৰতৰ সাংবাদিকক আক্ৰমণ মৰেল পুলিচগিৰি কৰা ৰাইজৰ ! - সাংবাদিকৰ ম’বাইলৰ পৰা ডিলেট মৰেল পুলিচিঙৰ দৃশ্য
সেই সময়তে এই সমগ্ৰ দৃশ্য বন্দী কৰিছিল সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা ইটিভি ভাৰতৰ সাংবাদিকে ৷ কিন্তু উত্তেজিত ৰাইজে সাংবাদিকগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে তেওঁৰ ম’বাইলৰ পৰা বলপূৰ্বকভাৱে ডিলিট কৰে সমগ্ৰ দৃশ্য ৷
ৰাজ্যত পুনৰ মৰেল পুলিচৰ ঘটনা !