ৰহা, ১৯ ছেপ্টেম্বৰ:ৰহাবাসীৰ বাবে এতিয়া সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে এটা বান্দৰ । বান্দৰ ধৰিবলৈ হাতে হাতে লাঠি লৈ ওলাই আহিছে বহু লোক । কিন্তু পুৰুষ দেখিলেই পলাই পত্ৰং দিয়ে বান্দৰটোৱে । বিগত কেইবাদিন ধৰি ৰহা পৌৰসভাৰ অন্তৰ্গত ৰজাগাঁও, ৰহাগাঁও, বালিপাৰা, ভাটিগাঁও আদি অঞ্চলত এটা বান্দৰে চলাই আহিছে সন্ত্ৰাস । দহ-বাৰ দিন পূৰ্বে হঠাতে অঞ্চলটোত আবিৰ্ভাৱ হোৱা বান্দৰটোৱে অতৰ্কিতে আক্ৰমণ কৰে শিশু আৰু মহিলাক । বান্দৰটোৰ অতৰ্কিত আক্ৰমণত ইতিমধ্যে দুকুৰিতকৈও অধিক শিশু, মহিলা আহত হৈছে ।
মাত্ৰ এটা বান্দৰৰ বাবেই অঞ্চলটোৰ ৰাইজ এতিয়া ত্ৰস্তমান । পদূলিলৈ ওলাবলৈ নাইবা বাটেৰে অহা-যোৱা কৰিব নোৱাৰা হৈছে শিশু-মহিলাসকল । বান্দৰটোৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া অঞ্চলৰ লোকসকলে হাতে হাতে লাঠি লৈ থাকিবলগীয়া হৈছে । বিশেষকৈ শিশু আৰু মহিলা দেখিলেই বান্দৰটো জপিয়াই পৰে আৰু জধে-মধে কামোৰে আৰু আঁচোৰে । ফলত অঞ্চলটোৰ দুকুৰিৰো অধিক শিশু মহিলা বান্দৰৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ।