কলিয়াবৰ, ৩০ মাৰ্চ :আমে মলিয়াই, কঁঠালে মুচি পেলাই ব'হাগী অহাৰ বাতৰি দিলে (Bohag Bihu 2023) । আমৰ ডালত কুলিৰ বিননিয়ে বসন্তৰ বা উতলা কৰে । বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত কুঁহিপাত মেলে, ফুল ফুলিবলৈ আৰম্ভ কৰে । ফলৰ গছবোৰত ফলৰ ফুল ধৰে, ফলৰ কলি পেলায় । প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয় । পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম, কঁঠাল, জামুক, লেটেকু, পনিয়লৰ খাওঁতা নাছিল এটা সময়ত ।
আজি দিন সলনি হ’ল যদিও এই ফল-মূলৰ উৎপাদন তুলনামূলকভাৱে কমা নাই । অথচ ইয়াৰ বাণিজ্যিক লাভালাভ আহৰণৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই । সমাগত জহৰ দিন । এয়া বিধে বিধে ফল লগাৰ বতৰ । বসন্তৰ আগমনত প্ৰকৃতিয়ে ৰূপ সলাইছে (spring festival of Assam Rangali Bihu) । অসমৰ গাঁৱে-ভূঞে, চুকে-কোণে বিভিন্ন ফলৰ গছত শোভা কৰিছে বিভিন্ন টেঙা-মিঠা-কেঁহা ফলে । এই ফল-মূলবোৰৰ উপকাৰিতা বা ঔষধি গুণৰ বিষয়ে পুনৰাই কোৱাৰ প্ৰয়োজন নাই যদিও অসমীয়াই এই ফলবোৰৰ উপযুক্ত মৰ্যাদা দিব জনা নাই (Assam reaches fruits) ।
ফলৰ ৰজা আম, কঁঠাল, জামুক, সুমথিৰা, বেল, লেটেকু, পনিয়ল, লিচু, আহোম-বগৰী, প্লাম, ডালিম, অমৰা, আমলখি, টেঙাজাতীয় ফল– পৰা-আমলখি, কৰ্জা, ৰবাব টেঙা, বৰ টেঙা, চকলা টেঙা, বিলম্ব বা পটল টেঙা আদি বিধে বিধে এতিয়া গছৰ ডাল শোভা কৰিছে । ডালিম, লিচু, লেটেকু, পনিয়ল, আহোম বগৰী, বেল আদি কিছু ফল ইতিমধ্যে খাবৰ হৈছে (spring fruits of Assam) । ফলৰ ৰজা আমৰ আচাৰ প্ৰস্তুতৰ সময় এয়াই । পদিনাৰে চাট্নি খোৱাৰ লোভ হয়তো সকলোৰে আছে । জলফাই, ঔটেঙা, আনাৰসৰ ফুল ফুলিছ ।
ঠিক তেনদৰে ৰবাব টেঙা, সুমথিৰা, অমৰা, প্লাম, আমলখি, জামুকৰ কলি পেলাইছে । অসমৰ থলুৱা ফল-মূলৰ বাণিজ্যিক লাভালাভৰ ক্ষেত্ৰত অসম মুঠেই আগবঢ়া নহয় । কাৰণ যিয়েই নহওক, কিন্তু এই জটিল সময়ছোৱাত স্বনিৰ্ভৰশীল হোৱাৰ যি এক বাসনা মানুহৰ মনত জাগ্ৰত হৈছে, সেই বাসনাক প্ৰকৃত ৰূপ দিবলৈ অসমৰ থলুৱা ফল-মূল এক অন্যতম সাধন হ’ব পাৰে । এই ক্ষেত্ৰত ৰাজ্যৰ আগ্ৰহী নিবনুৱাক কৃষিভিত্তিক উদ্যোগ স্থাপন কৰি অসমত উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ ফল-মূলক বাণিজ্যিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ এক বলিস্থ পদক্ষেপ অসম চৰকাৰৰ কৃষি আৰু বিপণন বিভাগটোৱে ল’ব পাৰে ।