নগাঁও, 10 এপ্ৰিল : নগাঁৱৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অধ্যাপিকাৰ (Sexual harassment allegation against college principal) । এই সন্দৰ্ভত আৰক্ষী থানাতো ৰুজু হ’ল গোচৰ । ঘটনা সন্দৰ্ভত নগাঁৱত মিশ্ৰিত প্ৰতিক্ৰিয়া । যৌন নিৰ্যাতনৰ অভিযোগক ষড়যন্ত্ৰ বুলি দাবী অধ্যক্ষৰ । ঐতিহ্যমণ্ডিত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ংকৰ অভিযোগ ।
মহাবিদ্যালয়খনৰে এগৰাকী সহকাৰী অধ্যাপিকাক যৌন নিৰ্যাতন (molestation on college teacher) চলোৱাৰ অভিযোগ উত্থাপন হৈছে অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীৰ বিৰুদ্ধে । স্থায়ী নিযুক্তিৰ প্ৰলোভনৰে অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীয়ে সহঃ অধ্যাপিকাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে খোদ অধ্যাপিকাগৰাকীয়ে ।
অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে অধ্যাপিকাগৰাকীয়ে ৷ অধ্যাপিকাগৰাকীৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 354(A)/376/511ৰ অধীনত ৪৩০/২২নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু কৰে গোচৰ ।