অসম

assam

ETV Bharat / state

শতাধিক মহিলাই ঘেৰাও কৰিলে মৈৰাবাৰী ইউবিআই বেংক - এটিএম

শ্ৰমিকৰ প্ৰাপ্য ধন আদায়ৰ বাবে শতাধিক মহিলাই ঘেৰাও কৰে ইউবিআই মৈৰাবাৰী বেংক শাখাটো ৷ জৱকাৰ্ডৰ ধন নোপোৱাক লৈ এইদৰে মহিলাসকলে ঘেৰাও কৰে বেংকটো ৷

মৈৰাবাৰী বেংক ঘেৰাও

By

Published : Jul 20, 2019, 3:38 PM IST

মৈৰাবাৰী, 20 জুলাইঃ এটিএম কাৰ্ড নোপোৱাক লৈ শতাধিক মহিলাই ঘেৰাও কৰে মৈৰাবাৰীৰ ইউবিআই বেংক ৷ দীৰ্ঘ দিন ধৰি হাজাৰ হাজাৰ পুৰুষ মহিলাই এটিএম কাৰ্ড নোপোৱাৰ বাবেই নিজৰ সঞ্চিত ধন উলিয়াব পৰা নাছিল ৷ বেংকটোত জৱকাৰ্ডকে ধৰি বৃদ্ধ পেঞ্চন আৰু অন্যান্য চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক এইদৰে প্ৰবঞ্চনা কৰি আহিছিল বেংক কৰ্তৃপক্ষই ৷ ইয়াকে লৈ স্থানীয় মহিলাসকলে বেংকত উপস্থিত হৈ বেংকটো ঘেৰাও কৰাৰ লগতে মেনেজাৰক বন্দী কৰি পেলায় ৷ অৱশেষত প্ৰতিদিনে 10খনকৈ এটিএমকাৰ্ড দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত ঘেৰাও কাৰ্যসূচী উঠাই লয় ৷

শতাধিক মহিলাই ঘেৰাও কৰিলে ইউবিআই বেংক

ABOUT THE AUTHOR

...view details