ধিং,24 মে’: জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা ক’ভিড পৰীক্ষা নকৰাকৈ পলায়ন কৰা 32 গৰাকী যাত্ৰীক চিনাক্ত কৰি সোমবাৰে ক’ভিড পৰীক্ষা কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ উল্লেখ্য যে, দেওবাৰে পলায়ন কৰিছিল শতাধিক বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীয়ে ৷
মৰিগাঁও আৰু মায়ং আৰক্ষীয়ে পলায়ন কৰা 32 গৰাকী যাত্ৰীক আটক কৰি মৈৰাবাৰী আৰক্ষীৰ সহযোগত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰা হয় । উক্ত 32 গৰাকী যাত্ৰীৰ ভিতৰত দুগৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱা বুলি জানিব পৰা গৈছে ৷
জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলাতক যাত্ৰীৰ ক’ভিড পৰীক্ষা ক’ভিডত আক্ৰান্ত যাত্ৰী দুগৰাকীক ইতিমধ্যে লাহৰীঘাট ব্লক পি এইচ চিৰ ক’ভিড চিকিৎসা কক্ষলৈ প্ৰেৰণ কৰা হৈছে । পলায়ন কৰা যাত্ৰী কেইগৰাকীৰ ভিতৰত সৰহভাগেই আছিল মৰিগাঁও আৰু নগাঁও জিলাৰ ৷
মৰিগাঁও আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ নিৰ্দেশমৰ্মে যাত্ৰীকেইগৰাকীক চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰিবলৈ সক্ষম হয় । লগতে আটাইকেইগৰাকী যাত্ৰীৰ ক’ভিড ফলাফল নোলোৱালৈকে তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক :হাফলঙত পুনৰ মৃত্যু ক’ভিড ৰোগীৰ