অসম

assam

ETV Bharat / state

সদৌ অসম মইনা পাৰিজাতৰ নাট্য প্ৰতিযোগিতাৰ সামৰণি পৰিল কলিয়াবৰত - শিশু একাংকিকা নাট প্ৰতিযোগিতা

কলিয়াবৰৰ কুঁৱৰীটোলত 8 আৰু 9 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম মইনা পৰিজাতৰ দশম ৰাজ্যিক শিশু একাংকিকা নাট প্ৰতিযোগিতাৰ সফল সামৰণি । কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাৰ ৷

Children Drama
সদৌ অসম মইনা পাৰিজাত

By

Published : Oct 10, 2022, 6:02 PM IST

কলিয়াবৰ, 10 অক্টোবৰ :শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশত জন্মলগ্নৰে পৰা সদৌ অসম মইনা পাৰিজাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । সেই ভূমিকাৰ অংশস্বৰূপে সদৌ অসম মইনা পাৰিজাতে শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে । কলিয়াবৰৰ কুঁৱৰীটোলত 8 আৰু 9 অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম মইনা পৰিজাতৰ দশম ৰাজ্যিক শিশু একাংকিকা নাট প্ৰতিযোগিতাখনিৰ সফল সামৰণি পৰে ।

সদৌ অসম মইনা পাৰিজাত

কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হোৱা এই শিশু একাংকিকা নাট প্ৰতিযোগিতাৰ প্ৰথম চাৰিটা শ্ৰেষ্ঠ দল হিচাপে স্থান লাভ কৰে ক্ৰমান্বয়ে – সফলতাৰ চাবিকাঠি নাটকখনেৰে গোলাঘাট জিলা মইনা পাৰিজাত (প্ৰথম), মেইন ভাও কোনে ল'ব নাটকখনেৰে বিশ্বনাথ জিলা মইনা পাৰিজাত (দ্বিতীয়), ফচকলি ডট কম নাটকখনেৰে নগাঁও জিলা মইনা পাৰিজাত (তৃতীয়), ৰামধেনুৰ ৰং নাটকখনেৰে তিতাবৰ জিলা মইনা পাৰিজাতে (চতুৰ্থ) ।

শিশু নাট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ অভিনেতাৰূপে বিবেচিত হয় নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ জীৱন কুমাৰ শইকীয়া বৰা ৷ লঠঙা গছৰ ছাঁ নাটক খনৰ বাবে তেওঁ এই বঁটা লাভ কৰে । শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত হয় কলিয়াবৰ জিলা মইনা পাৰিজাতৰ কাব্যশ্ৰী শইকীয়া ৷ নাটক আজি স্কুল বন্ধৰ বাবে তেওঁ এই বঁটা লাভ কৰে । সফলতাৰ চাবিকাঠিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে গোলাঘাটৰ ৰাতুল ফুকনে ।

সদৌ অসম মইনা পাৰিজাত

ব্ৰেকিং নিউজৰ বাবে প্ৰথম সহঃ অভিনেতাৰূপে বিবেচিত হয় শিৱসাগৰৰ প্ৰজ্ঞানজ্যোতি শইকীয়া আৰু ছবি ঘৰৰ মেল নাটখনৰ বাবে প্ৰথম শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ সন্মান অৰ্জন কৰে উত্তৰ লখিমপুৰৰ জিজ্ঞাসা শইকীয়াই । শ্ৰেষ্ঠ নাটৰ পাণ্ডুলিপিৰ সন্মান লাভ কৰে বিপ্লৱ বৰাৰ 'লঠঙা গছৰ ছাঁ'য়ে ।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ তথা অভিনেতা উপকূল বৰদলৈয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনিত গুৱাহাটী, মঙলদৈ, ধেমাজি, বোকাখাত, গোলাঘাট, চৰাইদেউ, তিতাবৰ, বিশ্বনাথ চাৰিআলি, গহপুৰ, তেজপুৰ, নগাঁও, কলিয়াবৰ, নামনি লখিমপুৰ, শিৱসাগৰ, উত্তৰ লখিমপুৰ, ডিব্ৰুগড়কে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন প্ৰান্তৰ 14 খন জিলা মইনা পাৰিজাতৰ শিশু নাট্য দলে অংশগ্ৰহণ কৰে । অন্তিম দিনা সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি মইনাসকলক উৎসাহ যোগায় ।

লগতে পঢ়ক :KBC 14, জয়া বচ্চনৰ প্ৰশ্নত কেবিচিৰ মঞ্চতে উচুপি উঠিল বিগবি

ABOUT THE AUTHOR

...view details