নগাঁও, 25 মে’ :দুটি কণমানি...৷ অপৰাধৰ পৰিভাষা বুজি নাপায় দুয়ো ৷ বুজি নাপায় অন্যায় কাক কয় ৷ সময় সমনীয়াৰ সৈতে ধেমালি কৰাৰ ৷ সময় পিতৃ, মাতৃৰ সৈতে ঘূৰি ফুৰাৰ ৷ কিন্তু এনে সময়তে দুয়ো মুখামুখি হৈছে এক কঠিন বাস্তৱৰ ৷
আমি ক'ব বিচাৰিছোঁ এই দুই ফুলকুমলীয়া কন্যা শিশুৰ কথা । নাম ফাতেমা খাতুন আৰু কুলছুমা বেগম । পঞ্চম শ্ৰেণীৰ ছাত্ৰী ফাতেমা বেগম আৰু কুলছুমা বেগম চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী । বৰ্তমান এক অসহায় অৱস্থা এই দুই কণমানিৰ । এই কণমানি দুটি হৈছে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ছফিকুল আৰু আৰক্ষী থানা জ্বলাই দিয়া অপৰাধৰ অভিযুক্ত ৰাচিদা খাতুনৰ কন্যা ।
যিগৰাকী ছফিকুলৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিলথানা আক্ৰমণৰ ভয়ংকৰ ঘটনা (Batadrava police station incident) ।
এফালে পিতৃৰ মৃত্যু আনফালে থানা জ্বলোৱা (Assam Police Station Attack)অপৰাধত গ্ৰেপ্তাৰ মাতৃ ৷ শনিবাৰে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি । বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ পিছতেই উচ্ছেদ কৰা হৈছিল থানা জ্বলোৱা অভিযুক্তৰ বাসগৃহ ।
ঘটনা সংঘটিত হোৱাৰ পিছত শনিবাৰে নিশাই আন কেইবাজনো অভিযুক্তৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছফিকুল ইছলামৰ পত্নীকো (Criminal involved in Batadrava incident)। গ্ৰেপ্তাৰ হৈছিল আৰক্ষী থানাত পেট্ৰ’ল ঢালি দিয়া ছফিকুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত কন্যাও । এতিয়া এক কঠিন বাস্তৱৰ সন্মুখীন হৈছে তেওঁলোকৰ দুই কন্যাই ।
লগতে পঢ়ক :Assam Police Station Attack: বটদ্ৰৱা থানা আক্ৰমণত জড়িত আছিল কুখ্যাত অপৰাধী
কাৰণ নিজৰ বুলিবলৈ ফাটেমা, কুলছুমাৰ ওচৰত এতিয়া কোনোৱে নাই । থাকিবলৈ ঘৰখনো নাই ফাটেমা আৰু কুলছমাৰ । ছফিকুলৰ এই দুই অসহায় কন্যাই এতিয়া বিচাৰিছে ন্যায় (Fatema and Kulsuma fight for justice) । অন্যায়, অপৰাধৰ পৰিভাষা বুজি নাপালেও পৰিয়ালৰ লোকে কৰা অপৰাধৰ বাবেই এতিয়া অসহায় অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে এই দুই ফুলকুমলীয়া শিশু ।