নগাঁও, 25 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ গৰম হৈছে নগাঁৱৰ ৰাজনৈতিক বতাহ ৷ এ আই ইউ ডি এফৰ মতে বিজেপিক সহায় কৰে কংগ্ৰেছে, কংগ্ৰেছৰ মতে বিজেপিৰ সৈতে বুজাবুজি আছে কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ মতে আগন্তক লোকসভা নিৰ্বাচনত ফলিয়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী ৷ ইয়াৰ মাজতে বিধায়ক শশীকান্ত দাসৰ সৈতে একেই শাৰীত দেখা গ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈক ৷
বিজেপি চৰকাৰক সমৰ্থন কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পৰাই চৰকাৰী প্ৰায় প্ৰতিটো অনুষ্ঠানৰেই সন্মুখৰ শাৰী দখল কৰি আহিছে বিধায়ক শশীকান্ত দাসে ৷ কিন্তু এইবাৰ বিধায়ক শশীকান্ত দাসৰ একেই শাৰীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ লগতে আছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তও ৷ অৱশ্যে এয়া কোনো ৰাজনৈতিক দলৰ সভাৰ দৃশ্য নহয় ৷ নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত দিব্যাংগসকলৰ মাজত সামগ্ৰী বিতৰণী অনুষ্ঠানৰ দৃশ্য ৷ য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত ৷
অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে উপস্থিত দিব্যাংগসকলৰ অৰুণোদয় আঁচনি লাভ কৰিছে নে নাই সেয়া জানিব বিচৰাত থিয় হয় একাংশ দিব্যাংগ ব্যক্তি ৷ লগে লগে মঞ্চৰ পৰাই অৰুণোদয় বঞ্চিত দিব্যাংগ ব্যক্তিৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ ইফালে এই অনুষ্ঠানৰ অন্তত মন্ত্ৰী কেশৱ মহন্তৰ দাবী এইবাৰ লোকসভা নিৰ্বাচনত অগপৰ সাংসদ নিৰ্বাচিত হৈ যোৱাটো নিশ্চিত ৷