নগাঁও, 3 জুলাই : অসমৰ এগৰাকী ব্যতিক্ৰমী বিধায়ক । যিজনে নিজৰ অগতানুগতিক কৰ্মৰ জৰিয়তে প্ৰায়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । সেইগৰাকীয়েই হৈছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi)। দেওবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বানে ক্ষতিগ্ৰস্ত কৰা শুকতিপুতা, ৰাঙলুমুখ আৰু লো-মাটি অঞ্চলৰ বানপীড়িত ৰাইজক মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত আৰু মৰিয়নীবাসী ৰাইজ, হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱৰ সদস্যসকলৰ সহযোগত বান সাহাৰ্য প্ৰদান কৰা হয় ।
শুকতিপোতা অঞ্চলত বান সাহাৰ্য বিতৰণৰ উদ্দেশ্যে দেওবাৰে বানবিধ্বস্ত অঞ্চলসমূহত উপস্থিত হৈ বিধায়ক কুৰ্মীয়ে পিঠিত চাউল আৰু আলুৰ বস্তাৰ বস্তা লৈ বানাক্ৰান্তক বান সাহাৰ্য আগবঢ়ায় (Rupjyoti Kurmi in Nagoan)। বানপীড়িত ৰাইজক সাহায্য আগবঢ়াই বিধায়কগৰাকীয়ে কয় যে, আমাৰ বহু মানুহ আছে যাৰ বহু টকা-পইচা কিন্তু তেওঁলোকে বান সাহায্যৰ নামত আপোন মানুহখিনিক সহায় কৰিবলৈ সময় নাই । চিনেমা চাবলৈ সময় আছে, কিন্তু বিপদত পৰা মানুহক সহায় কৰিবলৈহে সময়হে নাই ।