নগাঁও, 12 জুলাই: সন্মুখত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজকে এগৰাকী সক্ৰিয় সাংসদ হিচাবে চিনাকি দিবলৈ তৎপৰ হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদ হিচাপে চাৰি বছৰ অতিক্ৰম কৰাৰ পিচত সাংসদ বৰদলৈয়ে আৰম্ভ কৰিছে নগাঁৱৰ আহ্বান, নগঞা সমিধান নামৰ এক চমক সৃষ্টিকাৰী পদক্ষেপ ৷
পৰৱৰ্তী সময়ত নিয়োগ মেলাৰ বাবেও চলাইছে প্ৰস্তুতি । ইয়াৰ মাজতে সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিছে বিধায়ক ৰূপক শৰ্মাই । এইবাৰ ‘নগাঁৱৰ আহ্বান, প্ৰদ্যুৎ বৰদলৈৰ প্ৰস্থান’ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ ।
দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা অনুসৰি বিলুপ্তি হ’ল গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰ লোকসভা সমষ্টি । কলিয়াবৰ লোকসভাৰ সমষ্টিৰ নাম কৰ্তন হোৱা খচৰা প্ৰকাশ পোৱাৰ পিচতেই গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ বাতৰি প্ৰথমবাৰৰ বাবে প্ৰচাৰ হৈছিল একমাত্ৰ ই টি ভি ভাৰতত ।
তাৰ পিচতেই নগাঁও লোকসভা সমষ্টিৰ বাবে ব্যাপক চৰ্চা আৰম্ভ হৈছে গৌৰৱ গগৈৰ নাম । ইয়াৰ মাজতে নিৰ্বাচনৰ পূৰ্বে নিজৰ সক্ৰিয়তা দেখুৱাবলৈ তৎপৰ হৈ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত মন্তব্য কৰিলে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই ।