নগাঁও, ১৭ ছেপ্টেম্বৰ: দেওবাৰৰ পৰা ২০ ছেপ্টেম্বৰ নিশা ১২ বজালৈ অমৃত বৃক্ষ আন্দোলনৰ বিশেষ কার্যসূচী আৰম্ভ হৈছে । অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি গছ পুলি ৰোপণেৰে অভিলেখ সৃষ্টিৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে । সেই লক্ষ্যৰেই দেওবাৰে পুৱা জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে 'অমৃত বৃক্ষ আন্দোলন'ৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হয় গছপুলি ।
ব্যতিক্ৰম নহয় নগাঁও । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে নগাঁও পৌৰ সভায়ো গ্ৰহণ কৰে বৃক্ষ ৰোপণ কাৰ্যসূচী । বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই দেওবাৰে নগাঁও জিলা পৌৰসভাই নগাঁও চহৰৰ তিনি স্থানত গছপুলি ৰোপণ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানক অসমৰ ৰাইজে সঁহাৰি জনাই নগাঁও পৌৰসভাই গ্ৰহণ কৰা গছপুলি ৰোপণ কাৰ্যাসূচীত অংশগ্ৰহণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।