অসম

assam

ETV Bharat / state

Nagaon Politics: 3G ৰ পিচত এইবাৰ নগাঁৱত চর্চা RRRক লৈ - বিধায়ক জিতু গোস্বামী

বিগত কিছুদিন ধৰি 3G অৰ্থাৎ তিনি গগৈৰ প্ৰসংগক লৈ সৰৱ চর্চা চলিছে ৰাজ্যৰ ৰাজনীতিত । এইবাৰ নগাঁৱত আৰম্ভ হৈছে ট্ৰিপল আৰ(RRR)ৰ ব্যাপক চৰ্চা। নগাঁৱৰ ৰাজনীতি আৰু নগাঁও ক্ৰীড়া সন্থাৰ সৈতে জড়িত RRR ( ট্ৰিপল আৰ) । কিন্তু নগাঁৱৰ ৰাজনীতি আৰু ক্ৰীড়া সন্থাৰ সৈতে সম্পৰ্ক থকা কি এই ট্ৰিপল আৰ? জানিবলৈ চাওক এই বিশেষ প্ৰতিবেদন।

Nagaon Politics
Nagaon Politics

By

Published : Jul 19, 2023, 7:07 PM IST

নগাঁৱৰ ৰাজনীতিত চৰ্চিত কি এই RRR ?

নগাঁও, 19 জুলাই:RRR ৰে বৰ্তমান সম্পৰ্ক নগঞা ৰাজনীতি আৰু নগাঁও ক্ৰীড়া সন্থাৰ । নগাঁৱৰ ৰাজনীতি আৰু ক্ৰীড়া সন্থাৰ সৈতে সম্পৰ্ক থকা RRR দাক্ষিণাত্যৰ ছবি বুলি আপুনি ভুল নকৰিব । RRR মানে দাক্ষিণাত্যৰ ছবি RRR ৰ কথা আমি কোৱা নাই । আমি কৈছে নগাঁও ক্ৰীড়া সন্থাৰ সৈতে জড়িত RRR ৰ কথা । অৰ্থাৎ ৰকিবুল, ৰাজেন আৰু ৰূপকৰ কথা ।

এসময়ত পোন্ধৰ বছৰ ৰকিবুল হুছেইনৰ দখলত থকা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ আসন বিগত চাৰি বছৰে দখল কৰি আছিল বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । কিন্তু এইবাৰ যেন ৰাজেন গোহাঁইয়েই হাত দাঙিবলগীয়া হ'ল সাংস্কৃতিক কৰ্মী, ক্ৰীড়া ক্ষেত্ৰৰ সৈতেও জড়িত থকা নিজ দলৰেই বিধায়ক ৰূপক শৰ্মাৰ ওচৰত ।

কেৱল ৰাজেন গোহাঁইয়েই নহয় ৰূপক শৰ্মাৰ ওচৰত যেন হাত দাঙিবলগীয়া হ'ল বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়েও । কাৰণ ক্ৰীড়া ক্ষেত্ৰত জড়িত সকলোৱেই হয়তো নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে বিচাৰিলে বিধায়ক ৰূপক শৰ্মাক ।

উল্লেখযোগ্য যে বিগত সময়ছোৱাৰ নগাঁৱৰ ৰাজনীতিৰ সৰ্বশক্তিমান নেতাগৰাকীৰ দখলত থকা এটা পদ হৈছে নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ পদ । কংগ্ৰেছ চৰকাৰৰ আমোলত তিনিটাকৈ কাৰ্যকাল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দখলত আছিল নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ আসনখন । পিছে কংগ্ৰেছ চৰকাৰৰ পতনৰ পিচতেই নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ আসনত বহিছিল ৰাজেন গোঁহাই ।

কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছিল ৰূপক শৰ্মা । কিন্তু এইবেলি নগাঁও ক্ৰীড়া সন্থাৰ সভাপতিৰ আসনৰ বাবে মনোনয়ন দাখিল কৰিলে বিজেপিৰে মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়েও । তিনিওগৰাকী নেতাৰ মাজত হাইভল্টেজ নিৰ্বাচনী যুজঁ আৰম্ভ হোৱাৰ সময়তে শেষমুহূৰ্তত ৰূপক শৰ্মাৰ প্ৰতি সমৰ্থন জনাই মনোনয়ন প্ৰত্যাহাৰ কৰিলে ৰাজেন গোঁহাই আৰু জিতু গোস্বামীয়ে ।

ইপিনে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই নগাঁও ক্ৰীড়া ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে সকলোৰে সহায় সহযোগ বিচাৰিলে ৰূপক শৰ্মাই । নগাঁও ক্ৰীড়া সন্থাৰ আসন দখল কৰা পূৰ্বৰ ৰকিবুল ,ৰাজেন গোহাঁইৰ পিচত ৰূপক শৰ্মাৰ নামেই শক্তিশালী নেতা হিচাপে চৰ্চিত হৈছে নগাঁৱৰ বিভিন্ন মহলত । উল্লেখ্য, নগাঁও ক্ৰীড়া সন্থাৰ অধীনতে অনুশীলন কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল নগাঁৱৰ ধিঙৰ হিমা দাসেও ।

লগতে পঢ়ক: Assam Govt. Job Recruitment: ১০ ছেপ্টেম্বৰত ৩২ হাজাৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন: মুখ্যমন্ত্ৰীৰ ঘোষণা
লগতে পঢ়ক: Dr Sangeeta Dutta case :সংগীতা দত্তৰ বাহন ফ্লেটৰ চাবি মোকলাই দিয়াৰ আবেদন আত্মীয়ৰ

ABOUT THE AUTHOR

...view details