নগাওঁ, 5 এপ্ৰিল : কংগ্ৰেছৰ এতিয়া কোনো কাম নাই । যাৰ বাবে কবিতা লিখিবলৈ সময় পায় । কিন্তু কামৰ স্বাৰ্থত বিজেপি বিধায়কক শুব নিদিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ ৰাজনীতিত যেন এতিয়া চলিছে কবিতাৰ যুগ । কবিতাৰে বিৰোধীক কটাক্ষ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইবাৰ উভতাই তীব্ৰ কটাক্ষ কৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Rupak Sarmah advises Bhupen Bora to leave poetry and write Bihu) ।
যিদৰে তেওঁৰ এতিয়াও ৰাজনীতি শিকিবলৈ বহুত দিন বাকী আছে ঠিক তেনেদৰে এজন ভাল কবি হ'বলৈও তেওঁৰ বহুত দিন বাকী আছে ৷ সেয়ে এইবাৰ কবিতা নহয়, বিহুৰ বতৰত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বিহু লিখিবলৈ পৰামৰ্শ দিলে বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই ।
বিধায়কগৰাকীয়ে ভূপেন বৰাৰ কবিতাৰ দাড়ি, কমা, আগ-গুৰি একো নাই বুলি কটাক্ষ কৰাৰ লগতে সমষ্টিৰ কবিসকলৰ পৰা টিউশ্যন লোৱাৰ বাবেও আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ।