চামগুৰি,5 জুন: দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে নিজ সমষ্টিৰ আধৰুৱা হৈ থকা উন্নয়নমূলক কামসমূহ সম্পূৰ্ণ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷
শুকুৰবাৰে এই সন্দৰ্ভত লোক নিৰ্মাণ বিভাগ(PWD road) ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগত এখন বৈঠকত মিলিত হয় বিধায়ক গৰাকী ৷ কৰ'ণা মহামাৰীৰ এই জটিল ক্ষণত উন্নয়নৰ গতি যাতে স্তব্ধ হৈ নপৰে, সেই উদ্দেশ্যে আগত ৰাখিয়ে অনুষ্ঠিত কৰা হয় বৈঠকখন ৷