নগাঁও,৯ ফেব্ৰুৱাৰী :নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যসেৱা আৰম্ভ হোৱাৰ পাছৰ পৰাই নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বিলুপ্তি হোৱাৰ আশংকা কৰিছে বিভিন্নজনে (B P Civil Hospital in Nagaon)। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বিলুপ্তিৰ আশংকাত স্থানীয় ব্যৱসায়ী সন্থা, সংগঠন আৰু ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰিছে ।
ইয়াৰ মাজতে স্থানীয় বিধায়ক ৰূপক শৰ্মাই ঘোষণা কৰিলে যে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় বন্ধ নহয় । হাস্পতালখনত উপস্থিত হৈ এই মন্তব্য কৰিলে বিধায়ক ৰূপক শৰ্মাই (B P Civil Hospital will not be closed)। তেওঁ জনোৱা মতে নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত জৰুৰীকালীন চিকিৎসাও চলিব । উল্লেখ্য যে নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত আগন্তুক বৰ্ষৰ পৰা পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
সমান্তৰালকৈ নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যেই আৰম্ভ হৈছে চিকিৎসা ব্যৱস্থা । যি খবৰে উৎফুল্লিত কৰিছে নগাঁওবাসীক । ইয়াৰ বিপৰীতে শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন বন্ধ হৈ পৰাৰ আশংকাত বিগত কিছুদিন ধৰি স্থানীয় ব্যৱসায়ী সন্থা, সংগঠনে একেলগে শ্বহীদ ভোগেশ্বৰী ফুকননীৰ নামত থকা চিকিৎসালয় বন্ধ নকৰাৰ দাবীত প্ৰতিবাদ সাব্যস্তও কৰি আহিছে ।
নগাঁও মেডিকেল কলেজ আৰম্ভ হ'লেও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যসেৱা অব্যাহত ৰখাৰ দাবী উত্থাপন কৰি আহিছে ৰাইজে (Public protest at B P Civil Hospital)। অৱশেষত ৰাইজৰ ওচৰত থিয় দিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । বৃহস্পতিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদত স্থানীয় ব্যৱসায়ী সন্থা, ৰাইজ চিকিৎসালয়খনত চিকিৎসা ব্যৱস্থা অব্যাহত ৰখাৰ দাবীত একগোট হৈছিল ।