নগাঁও, 2 এপ্ৰিল : বিতৰ্কৰ বিপৰীতে উন্নয়নমূলক কামত ব্যস্ত এগৰাকী বিধায়ক ৷ দুটা দিনত ২৬ টাকৈ পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে নিজৰ সমষ্টিত (Road construction works in Nagaon) ৷ সমষ্টি উন্নয়নত পিঠি দিয়া, নিজৰ কৰ্মী-সমৰ্থকৰ পৰা আঁতৰি বহু বিধায়কে কম সময়তে সমষ্টিবাসীৰ সমৰ্থন হেৰুওৱাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে । কিন্তু এনে সময়ত কেৱল উন্নয়নমূলক কামৰ বাবেই দিনক দিনে নিজৰ সমৰ্থন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে বিজেপি দলৰ এগৰাকী বিধায়কে (MLA Rupak Sarmah in Nagaon) ।
একেৰাহে দ্বিতীয়বৰৰ বাবে নগাঁও সদৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাতেই মধ্য অসমৰে গুৰুত্বপূৰ্ণ নগাঁও চহৰখনেই লাভ কৰিছে এক নতুন ৰূপ । এই দাবী নগাঁও সদৰ সমষ্টিৰ একাংশ ৰাইজৰ ৷ নগাঁও চহৰৰ বাট পথ নিৰ্মাণকে ধৰি সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বিধায়ক ৰূপক শৰ্মাই ।
নগাঁও চহৰৰ সমান্তৰালকৈ গ্ৰামঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰতো সমানে গুৰুত্ব প্ৰদান কৰি আহিছে বিধায়ক ৰূপক শৰ্মাই । নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত কেবাটাও এলেকাৰ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও জুৰীয়া সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই (Developmental works in Nagaon)।