চামগুৰি, ১৮ ছেপ্টেম্বৰ:"বিনাশ কালে বিপৰীত বুদ্ধি হোৱাৰ দৰে মুখ্যমন্ত্ৰীজন বুদ্ধিভ্ৰষ্ট হৈছে । যাৰবাবে প্ৰতিশোধ পৰায়ণ হৈ পৰিছে মুখ্যমন্ত্ৰী । এইয়া নুমাবলৈ ধৰি চাকিৰ দৰে বিজেপিৰ অন্তিম সময় ৷" নগাঁও জিলাৰ বঢ়মপুৰত শ্বহীদ দিৱস কাৰ্যসূচীত অংশলৈ এনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এইদৰে ওভতি ধৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে । মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ অভিযোগৰ সন্দৰ্ভত বিধানসভাত তথ্যভিত্তিক আলোচনাৰ বাবে আহ্বান জনাইছে ৰকিবুল হুছেইনে ।
মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীৰ প্ৰশ্ন উত্থাপনত সদন স্থগিত ৰখাৰ অভিযোগ কৰে বিধায়ক হুছেইনে ৷ তেওঁলোকে নীতিগতভাৱে বিষয়টো সদনত উত্থাপন কৰি এই সন্দৰ্ভত আলোচনা কৰিব বিচাৰিলেই অধ্যক্ষই সদন স্থগিত কৰাৰ কথা তেওঁ ব্যক্ত কৰে ৷ বিধানসভাৰ অধ্যক্ষই এই বিষয়ত পাঁচবাৰকৈ সদন স্থগিত ৰখাৰ কথা তেওঁ ব্যক্ত কৰে ৷ তেওঁ কয় "মুখ্যমন্ত্ৰীয়ে বালিত মূৰটো গুজি ভাবিছে তেওঁলোকৰ কৰ্মকাণ্ড কোনেও দেখা নাই" ৷ তেওঁ লগতে এই কেলেংকাৰীৰ এক উচিত তদন্ত হোৱাৰ কথা ব্যক্ত কৰে ৷