ৰূপহীহাট,22 জানুৱাৰী: সমাগত 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ দৰে ৰূপহীহাটটো ক্ৰমশ তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে শুকুৰবাৰে ৰূপহীহাটৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই শতাধিক কৰ্মী সমৰ্থকক লগত লৈ বাহিৰ কৰে এক বিশাল চাইকেল ৰেলী ৷ মূল্যবৃদ্ধি ৰোধ কৰক,কৃষক আইন বাতিল কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৰেলীত অংশগ্ৰহণ কৰা কংগ্ৰেছ কৰ্মী সকলে ৷
ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ নিৰ্বাচনী কুচ-কাৱাজ - কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা
সোমবাৰে নিজ সমষ্টি ৰূপহীহাটত এক বিশাল চাইকেল ৰেলী বাহিৰ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বিধায়ক নুৰুল হুদাই ৷ লগতে ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷
![ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ নিৰ্বাচনী কুচ-কাৱাজ mla-nurul-huda-started-election-campaigning-at-rupohihat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10338235-29-10338235-1611314175150.jpg)
ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ নিৰ্বাচনী কুচ-কাৱাজ
উল্লেখ্য যে,জুৰীয়াৰ ৰাজীৱ ভৱনৰ পৰা ৰেলী আৰম্ভ কৰা চাইকেল ৰেলীৰ দলটোৱে জুৰীয়া কলেজ হৈ থানাৰোডেৰে ওভতি আহি ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷