নগাঁও, 14 মে’: অগপৰ নামেই শুনিব নোৱাৰে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই । অগপৰ নাম শুনিয়েই খঙত টিঙিৰি তুলা হৈ পৰিল কংগ্ৰেছী বিধায়কগৰাকী (Nurul Huda on AGP) । কংগ্ৰেছৰ বহু নেতাই দল ত্যাগ কৰি অন্য দলত যোগদান কৰাৰ পিছত এতিয়া সংবাদ মাধ্যমৰ ওপৰতহে খং বিধায়ক নুৰুল হুদাৰ (Nurul Huda got angry on journalists question) ।
অসমীয়াৰ স্বাভিমানস্বৰূপ গামোচা জ্বলাই দিয়া, সুলভ মূল্যৰ চাউলৰ কেলেংকাৰীকে ধৰি বিভিন্ন বিতৰ্কত সাঙোৰ খাই থকা ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়কৰ খং এইবাৰ সংবাদ মাধ্যমৰ ওপৰত । ইতিমধ্যে কেইবাজনো কংগ্ৰেছী নেতা বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত বিধায়ক নুৰুল হুদাৰ নামো চৰ্চালৈ আহিছে অগপত যোগদান কৰাৰ প্ৰস্তুতি চলোৱা বুলি ।
কিন্তু অগপৰ নাম শুনিয়েই যেন সাত জাপ মাৰি উঠিল বিধায়ক হুদা । অগপৰ নামেই যেন কোনো কাৰণতে সহ্য কৰিব নোৱাৰে বিধায়কগৰাকীয়ে । বিভিন্নজনৰ মুখত চৰ্চা হৈ থকা নুৰুল হুদাৰ অগপত যোগদানৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাৰ লগে লগেই খঙত টিঙিৰি তুলা হৈ পৰিল তেঁও । বিধায়ক নুৰুল হুদাৰ যুক্তি- বিষ্মিতা গগৈয়েও যোগদান কৰাৰ কথাও প্ৰচাৰ হৈছিল ৷ কিন্তু যোগদান নকৰিলে ।