অসম

assam

ETV Bharat / state

বঢ়মপুৰৰ নিবনুৱা যুৱক-যুৱতীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব জিতু গোস্বামীয়ে - JITU GOSWAMI WILL ARRANGE SPECIAL TRAINNING FOR YOUTH

বঢ়মপুৰৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে সু-খবৰ । নিবনুৱা যুৱক-যুৱতীক চাকৰি লাভত সহায় কৰিবলৈ ইতিবাচক পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি আহিছে স্থানীয় বিধায়ক জিতু গোস্বামী(JITU GOSWAMI) । আৰক্ষী বিভাগত নিযুক্তি লাভ কৰিবলৈ এই যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব বিধায়কগৰাকীয়ে ।

MLA JITU GOSWAMI WILL ARRANGE SPECIAL TRAINNING FOR YOUTH
বঢ়মপুৰৰ নিবনুৱা যুৱক-যুৱতীৰ প্ৰশিক্ষণ ব্যৱস্থা কৰিব জিতু গোস্বামীয়ে

By

Published : Jul 12, 2021, 5:43 PM IST

চামগুৰি, ১২ জুলাই: এয়া প্ৰতিযোগিতাৰ সময় । ৰাজ্যত চৰকাৰী চাকৰিৰ পদৰ সংখ্যাত বহু গুণে বেছি নিবনুৱাৰ সংখ্যা । বহু চেষ্টাৰ বলত একাংশ প্ৰাৰ্থী শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হয় । কিন্তু উপযুক্ত প্ৰশিক্ষণৰ অভাৱত বহুতেই শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে ।

সেয়ে, এইবাৰ নগাঁৱৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ (Barhampur Constituency) নিবনুৱা যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে সমষ্টিটোৰ বিধায়ক জিতু গোস্বামীয়ে (JITU GOSWAMI) । বিশেষকৈ আৰক্ষী কনিষ্টবল পদত নিকাভাৱে নিযুক্তি পাবলৈ উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । বঢ়মপুৰ সমষ্টিৰ যুৱক-যুৱতী সকলক উপযুক্তভাৱে গঢ়ি তুলিবলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বিধায়ক গৰাকীয়ে । সমষ্টিটোৰ মূল তিনিটা স্থান কামপুৰ, বঢ়মপুৰ আৰু চাপানলাত অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়া হ'ব ।

বঢ়মপুৰৰ নিবনুৱা যুৱক-যুৱতীৰ প্ৰশিক্ষণ ব্যৱস্থা কৰিব জিতু গোস্বামীয়ে

অসমৰ ভিতৰতে যাতে বঢ়মপুৰ সমষ্টিৰ যুৱক-যুৱতীয়ে আৰক্ষী কনিষ্টবল পদত বেছিকৈ নিযুক্তি লাভ কৰিব পাৰে সেই উদ্দেশ্যেৰে এইদৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি বিধায়ক জিতু গোস্বামীয়ে জানিবলৈ দিয়ে । এই প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় ব্যয় সম্পূৰ্ণ বিধায়ক পুঁজি পৰা কৰা হ'ব বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে ।

বঢ়মপুৰ অগপ বিধান পৰিষদে নৱ নিৰ্বাচিত বিধায়ক জিতু গোস্বামীক (JITU GOSWAMI) আদৰণি জনোৱাৰ বাবে আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত থাকি নিবনুৱা যুৱক-যুৱতীসকললৈ বিধায়কগৰাকীয়ে এই বাৰ্তা প্ৰেৰণ কৰে । আনহাতে, এই সভাতে একাংশ অগপ কৰ্মীৰ অভিযোগ খণ্ডন কৰি বিধায়কগৰাকীয়ে কয় যে, বঢ়মপুৰত অগপ-বিজেপিৰ মিত্ৰতা সদায় অক্ষুন্ন থাকিব । অগপ বিধান পৰিষদৰ কৰ্মীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দুমাহৰ মূৰে মূৰে বিধায়ক আৰু অগপ বিধান পৰিষদৰ সভা অনুষ্ঠিত হ'ব ।

ইয়াৰ উপৰিও সপ্তাহত তিনি দিন সমষ্টিৰ লোকক সাক্ষাৎ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, বিধায়ক জিতু গোস্বামীক অগপ কৰ্মীসকলে মিত্ৰতাৰ ধৰ্ম সদায় পালন কৰিবলৈ আহ্বান জনায় । লগতে বিধায়কগৰাকীয়ে দলৰ সদস্যসকলক লগত লৈ সমষ্টিটোৰ উন্নয়নমূলক কাম কৰি যাব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰিছে ।


লগতে পঢ়ক:গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট

ABOUT THE AUTHOR

...view details