অসম

assam

ETV Bharat / state

Bahrampur Sports complex : বঢ়মপুৰৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্পত ছাডেন ভিজিট বিধায়কৰ - MLA Jitu Goswami warns contractor at Bahrampur

বঢ়মপুৰৰ ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণকাৰ্যত হেমাহি ঠিকাদাৰৰ । ৩ বছৰটো নিৰ্মাণ সম্পূৰ্ণ নহ'ল প্ৰকল্পৰ । প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি হতভম্ব বিধায়ক জিতু গোস্বামী (MLA inspects construction of sports project)। বিধায়কগৰাকীয়ে ঠিকাদাৰক দিলে সময়সীমা ।

Bahrampur Sports complex
বঢ়মপুৰৰ নৱ নিৰ্মিত ক্ৰীড়া প্ৰকল্পত ছাডেন ভিজিট বিধায়কৰ

By

Published : Dec 14, 2022, 2:14 PM IST

চামগুৰি,১৪ ডিচেম্বৰ :ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ সফলতা অব্যাহত আছে । বিগত বছৰবোৰত ক্ৰীড়াক্ষেত্ৰত অসমে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে চৰকাৰেও ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ লৈছে ।

ৰাজ্যৰ প্ৰতিটো সমষ্টিতে ষ্টেডিয়াম অথবা মিনি ষ্টেডিয়াম আদি আৱণ্টন দিয়া হৈছে । নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনতো এক ক্ৰীড়া প্ৰকল্পৰ কাম চলি আছে (Bahrampur sports complex construction progress)। সমষ্টিটোৰ অধীনৰ বঢ়মপুৰ পঞ্চায়তৰ এলেকাত ২০১৯ চনৰ পৰাই শ্বহীদ থগী সূত ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে ।

কিন্তু আজিলৈ প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই । বিগত চৰকাৰৰ দিনত ২০১৯ চনতে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হোৱা ১০ কোটি টকাৰ এই ক্ৰীড়া প্ৰকল্পটো একমাত্ৰ ঠিকাদাৰৰ হেমাহিৰ বাবেই আজিও সম্পূৰ্ণ হোৱা নাই বুলি অভিযোগ উঠিছে । অতি লেহেমীয়া আৰু অমনোযোগিতাৰে কাম কৰি ঠিকাদাৰগৰাকীয়ে চৰকাৰৰ গাইড লাইন ভংগ কৰাৰো অভিযোগ উঠিছে । যাৰ বাবে প্ৰকল্পটোৰ কামৰ অগ্ৰগতি পৰিদৰ্শনৰ বাবে হঠাৎ উক্ত স্থানত উপস্থিত হয় বিধায়ক জিতু গোস্বামী (MLA Jitu Goswami sudden visits)।

বঢ়মপুৰৰ নৱ নিৰ্মিত ক্ৰীড়া প্ৰকল্পত ছাডেন ভিজিট বিধায়কৰ

কামৰ অগ্ৰগতি দেখি ঠিকাদাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে বিধায়কগৰাকী । জানিব পৰা মতে বিগত চৰকাৰৰ দিনতে বঢ়মপুৰৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ থগী সূতৰ নামত ষ্টেডিয়াম নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন দিছিল । কিন্তু গুৱাহাটীৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে কাম সম্পূৰ্ণ কৰাৰ সময় উকলি যোৱাৰ পাছতো আধা কামেই নোহোৱাত বঢ়মপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ লাভ কৰাৰ পাছতে বিধায়কগৰাকীয়ে নিজেই প্ৰকল্পৰ কাম পৰিদৰ্শন কৰাৰ লগতে অহা ব'হাগ বিহুৰ পূৰ্বেই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ব'হাগ বিহুৰ পূৰ্বে কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰক ব্লেক লিষ্টেড কৰাৰো সকীয়নি প্ৰদান কৰা বিধায়কগৰাকীয়ে (MLA Jitu Goswami warns contractor)। ইফালে বিধায়কগৰাকী নিশ্চিত যে এই ক্ৰীড়া প্ৰকল্পটো সম্পূৰ্ণ হ'লে জিলাখনৰ খেলুৱৈ তথা নতুন প্ৰতিভাসমূহৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব ।

লগতে পঢ়ক :Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

ABOUT THE AUTHOR

...view details