নগাঁও, 4 মে' : বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে জীৱ-জন্তুৰ সেৱাতে নিয়োজিত হৈ থাকে বন কৰ্মীসকল। কিন্তু এইবাৰ নগাঁৱত ব্যতিক্ৰমী ৰূপত দেখা গ'ল নগাওঁ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ বিষয়া-কৰ্মীক । লাওখোৱা , বুঢ়াচাপৰি অভয়াৰণ্যত কৰ্তব্য পালন কৰা বিষয়া কৰ্মচাৰীসকল আগবাঢ়ি আহিল ৰক্তদান কৰিবলৈ ।
দ্বিতীয় পৰ্যায়ৰ লক্ ডাউন শেষ হোৱাৰ সময়তে চিকিৎসালয়সমূহত সকলো ৰোগীৰ চিকিৎসা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে ৷ কিন্তু প্ৰায়সমূহ চিকিৎসালয়তে দেখা দিছে তেজৰ নাটনিয়ে। চিকিৎসালয়সমূহত তেজৰ নাটনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তদান অসম নামৰ স্বেচ্ছাসেৱী সংস্থাই আয়োজন কৰিছে ৰক্তদান শিবিৰৰ। নগাওঁ ছোৱালী মহাবিদ্যালয়ত আয়োজন কৰা এই ৰক্তদান শিবিৰতে নগাওঁ বন্যপ্ৰাণী সংমণ্ডল বিষয়া টি চি ৰঞ্জিতৰ নেতৃত্বত ১৫ জনকৈ বিষয়া কৰ্মীয়ে তেজ দান কৰে।