ধিং,18 মে’: সোমবাৰে লাহৰীঘাটৰ ক’ভিড চিকিৎসালয় পৰিদৰ্শন কৰে নৱ নিৰ্বাচিত বিধায়ক ডাঃ আশ্বিফ নাজাৰে ৷ লাহৰীঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত থকা ক’ভিড চেণ্টাৰ পৰিদৰ্শন কৰে লাহৰীঘাট সমষ্টিৰ নৱ নিৰ্বাচিত যুৱ বিধায়কগৰাকীয়ে ৷
লাহৰীঘাটত ক’ভিড চেণ্টাৰ পৰিদৰ্শন বিধায়ক আশ্বিফ নাজাৰৰ - ক’ভিড
লাহৰীঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত থকা ক’ভিড চেণ্টাৰ পৰিদৰ্শন নৱ নিৰ্বাচিত বিধায়ক ডাঃ আশ্বিফ নাজাৰৰ ৷ স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় বিধায়কগৰাকীয়ে ৷
ক’ভিড চেণ্টাৰ পৰিদৰ্শন বিধায়ক আশ্বিফ নাজাৰৰ
ক’ভিড চেণ্টাৰ পৰিদৰ্শন কৰি স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় বিধায়কগৰাকীয়ে । ইয়াৰ লগতে তেওঁ লাহৰীঘাটবাসীক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক :কৰ’ণাত আক্ৰান্ত হৈ লংকা পৌৰসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃত্যু