নগাঁও,17 আগষ্ট:আজি পৱিত্ৰ শাওন মাহৰ শেষৰটো সোমবাৰ ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ মাহ হৈছে শাওন ৷ কিয়নো এই মাহতে আগবঢ়োৱা হয় দেৱাদিদেৱ মহাদেৱৰ পূজা-অৰ্চনা ৷ সেয়ে সোমবাৰে পুৱা ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে নগাঁও জিলাৰ গৌৰিনাথ মন্দিৰত ৷
গৌৰীনাথ মন্দিৰত আশীষ গ্ৰহণ বিধায়িকা আঙুৰলতাৰ - বিধায়িকা আঙুৰলতা ডেকা
শাওন মাহৰ শেষৰটো সোমবাৰ উপলক্ষে নগাঁৱৰ চকলাঘাটৰ গৌৰীনাথ মন্দিৰত উপস্থিত হৈছে বিধায়িকা আঙুৰলতা ডেকা ৷ অন্যান্য় ভক্তসকলৰ দৰে বটদ্ৰৱাৰ বিধায়িকা গৰাকীয়ে ভগৱান শিৱৰ আশীষ গ্ৰহণ কৰাৰ অৰ্থে মন্দিৰ চৌহদত উপস্থিত হয় ৷
![গৌৰীনাথ মন্দিৰত আশীষ গ্ৰহণ বিধায়িকা আঙুৰলতাৰ MLA angurlata Deka received blessing from Gaurinath Temple nagaon assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8448471-thumbnail-3x2-a.jpg)
চকলাঘাট গৌৰীনাথ মন্দিৰ
চকলাঘাটৰ গৌৰীনাথ মন্দিৰত উপস্থিত বিধায়িকা আঙুৰলতা
আন আন ভক্তৰ দৰে ভগৱান শিৱৰ আশীষ গ্ৰহণৰ উদ্দেশ্যে সোমবাৰে পুৱা গৌৰিনাথ মন্দিৰত উপস্থিত হৈছে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা ৷ বিধায়িকা গৰাকীৰ উপৰিও কৰ’ণা মহামাৰীৰ ত্ৰাসৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি ভক্তসকলে নীলকণ্ঠৰ আশীষ গ্ৰহণ কৰে চকলাঘাটৰ ঐতিহ্যমণ্ডিত গৌৰিনাথ মন্দিৰত ৷ ভক্তৰ সমাৱেশৰ বাবে আধ্যাত্মিক পৰিৱেশৰ সূচনা হয় গৌৰিনাথ শিৱ মন্দিৰ চৌহদত । সামাজিক ব্যৱধান অক্ষুণ্ণ ৰাখি সকলোৱে ভগৱানৰ আশীষ গ্ৰহণ কৰে ৷
লগতে চাওকঃকলিয়াবৰত 17 ফুট দৈৰ্ঘ্যৰ অজগৰ উদ্ধাৰ