অসম

assam

By

Published : Apr 1, 2020, 6:48 PM IST

ETV Bharat / state

দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান বটদ্ৰৱাৰ বিধায়িকাৰ

দৰিদ্ৰ লোকসকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিবলৈ বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই তেওঁৰ সমষ্টিৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ লগতে এই বিতৰণ ব্যৱস্থা আগলৈয়ো অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বিধায়িকা গৰাকীয়ে ৷

বটদ্ৰৱাৰ বিধায়িকা
বটদ্ৰৱাৰ বিধায়িকা

বটদ্ৰৱা, 1 এপ্ৰিলঃবুধবাৰে লক ডাউনৰ এই সময়ছোৱাত দৰিদ্ৰ লোকসকলক কিছু পৰিমাণে সকাহ প্ৰদান কৰিবলৈ ওলাই আহে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা ৷ সমষ্টিটোৰ অতি দৰিদ্ৰ লোকলকসক চাউল, দাইল, মিঠাতেলকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়িকা গৰাকীয়ে ৷ ইয়াৰোপৰি সকলো লোককে তেওঁ কৰ'ণা ভাইৰাছ সম্পৰ্কে ৰাইজৰ মাজত সাৱধানতা আৰু সজাগতৈ প্ৰদান কৰে আঙুৰলতা ডেকাই ৷ লগতে এই বিতৰণ ব্যৱস্থা পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে বিধায়িকা গৰাকীয়ে ৷

দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান বটদ্ৰৱাৰ বিধায়িকাৰ

আনহাতে ধিঙৰ অতি দৰিদ্ৰ পৰিয়াল এটিৰ বাসগৃহ জৰাজীৰ্ণ অৱস্থা প্ৰত্যক্ষ কৰি বিধায়িকা গৰাকীয়ে সেই পৰিয়ালটোক নিজাববীয়াকৈ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে ৷

লগতে পঢ়কঃকৰ’ণাক ৰাজনীতিকৰণঃ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ ৰিপুণ বৰাৰ

ABOUT THE AUTHOR

...view details