অসম

assam

By

Published : Aug 13, 2020, 4:42 PM IST

ETV Bharat / state

জুবিন গাৰ্গক অপদস্থ কৰা ঘটনাক গৰিহণা বিধায়িকা আঙুৰলতা ডেকাৰ

আনহাতে, বুধবাৰে নিশা সংঘটিত জুবিন গাৰ্গক আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক একমুখে গৰিহণা দিয়ে বিজেপি বিধায়িকা আঙুৰলতা ডেকাই । লগতে দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী কৰে বিধায়িকাগৰাকীয়ে ।

MLA Angurlata deka
আঙুৰলতা ডেকা

নগাঁও, 13 আগষ্ট : বৃহস্পতিবাৰে বটদ্ৰৱা সমষ্টিত আধাৰশিলা স্থাপনৰ উদ্দেশ্য উপস্থিত হয় সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকা ৷ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত বিধায়িকাগৰাকীয়ে কেবাটাও ৰাজহুৱা কামৰ আধাৰশিলা স্থাপন কৰে ৷ বিজেপি চৰকাৰৰ দিনত সমষ্টিটোত যাতে কোনো কাম আধৰুৱা নহয় সেই উদ্দেশ্য আগত ৰাখি বিধায়িকাগৰাকীয়ে বহু কেইটা আধাৰশিলা স্থাপন কৰে ৷

লগতে পঢ়কঃসপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ

আনহাতে, বুধবাৰে নিশা সংঘটিত জুবিন গাৰ্গ আক্ৰমণ তথা অপদস্থ কৰা ঘটনাক একমুখে গৰিহণা দিয়ে বিজেপি বিধায়িকা আঙুৰলতা ডেকাই । লগতে দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে বিধায়িকাগৰাকীয়ে ।

উল্লেখ্য যে, ষ্টুডিঅ’ৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ সময়ত বুধবাৰে নিশা গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত হাৰ্টৰ্থ্ৰৱ জুবিন গাৰ্গৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে ৷ প্ৰাপ্ত তথ্য মতে, কণ্ঠশিল্পীগৰাকী জু ৰোডৰ ষ্টুডিঅ'ৰ পৰা কাহিলিপাৰাস্থিত নিজ গৃহলৈ উভতি অহাৰ সময়তে শিল্পীগৰাকীৰ বাহনখন বহু সময় অনুসৰণ কৰি আহি উক্তস্থানত শিল্পীগৰাকীক আগচি ধৰে দুৰ্বৃত্তৰ দলটোৰ AS 01 BY 0675 নম্বৰৰ মাৰুতি চীয়াজ বাহনখনে ৷ ইয়াৰ পাছতে দলটোৱে শিল্পীগৰাকীক অভব্য ভাষাৰে গালি-গালাজ দিয়া আৰম্ভ কৰে ৷ শিল্পীগৰাকী তথা তেখেতৰ সংগীসকলে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদানৰ চেষ্টা কৰে যদিও বিয়েৰৰ বটলেৰে শিল্পীগৰাকীক আক্ৰমণৰ চেষ্টা চলাই দলটোৱে ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

জুবিন গাৰ্গক অপদস্থ কৰা ঘটনাক গৰিহণা বিধায়িকা আঙুৰলতা ডেকাৰ

ABOUT THE AUTHOR

...view details